New Update
/asomiyapratidin/media/media_files/2025/09/13/1233458-2025-09-13-15-06-57.jpg)
ডিজিটেল ডেস্ক : যোৱা ৮ ছেপ্তেম্বৰ সোমবাৰৰ দিনা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ এশ সংখ্যক জন্মদিন উদযাপনৰ লগতে তেখেতৰ অমূল্য অৱদানসমূহ সোঁৱৰণ তথা কৃতজ্ঞতা প্ৰকাশৰ যৎকিঞ্চিত চিন স্বৰূপে সুধাকণ্ঠৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি এটা বঙাইগাঁও শোধনাগৰ বিনোদন কেন্দ্ৰৰ সমূখ প্ৰাঙ্গনত উন্মোচন কৰা হয় ৷ প্ৰতিমূৰ্তি উন্মোচন কৰে বঙাইগাঁও শোধনাগাৰৰ কাৰ্য্যবাহী সঞ্চালক তথা মুৰব্বী নয়নে।
উন্মোচনী সভাৰ আৰম্ভণী ভাষণৰ যোগেদি বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহা প্ৰৱন্ধক [কাৰিকৰী] সুনীল কুমাৰ কলিতাই সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱৰ জীৱন তথা সাংস্কৃতিক সাফল্যময় দিশটো আলোকপাত কৰে ৷ পিছত শোধনাগাৰ বিনোদন কেন্দ্ৰ প্ৰেক্ষাগৃহত বিষয়া কৰ্মচাৰী সকলোৱে মিলি ড॰ ভূপেন হাজৰিকাদেৱৰ গীত সমূহীয়া তথা এককভাৱে পৰিবেশন কৰে ৷
উল্লেখনীয় যে যোৱা ১ছেপ্তেম্বৰ দিনাও শোধনাগাৰ বিনোদন কেন্দ্ৰৰ “পাৰ্কত” ড॰ ভীমৰাও আম্বেদকাৰৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি এটা উন্মোচন কৰা হৈছিল ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে সামাজিক আৰু সামূহিক উন্নয়নৰ হকে সদায় আগবাঢ়ি অহা বঙাইগাঁও শোধনাগাৰ কত্তৃপক্ষই অহা ২ অক্টোবৰত প্ৰশাসনিক ভৱন প্ৰাংগনত মহাত্মা গান্ধীৰ পূৰ্ণাংগ প্ৰতিমৰ্তি এটাও উন্মোচনৰ দিহা কৰিছে ৷