/asomiyapratidin/media/media_files/2026/01/02/571-2026-01-02-13-13-20.jpg)
ডিজিটেল সংবাদ, চানডুবি : পহিলা জানুৱাৰীৰ দিনা চানডুবি উৎসৱৰ বাকৰিত উন্মোচন কৰা হয় কবি- ঔপন্যাসিক- গল্পকাৰ- প্ৰৱন্ধকাৰ- গীতিকাৰ কিশোৰ কুমাৰ কলিতাৰ উপন্যাস ‘কথকতা’ ৷ এই উপন্যাসখন উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰকাশন সমিতিৰ উপ সভাপতি তথা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল গোস্বামী।
একেদৰে অতিথি হিচাপে সাহিত্যিক- লোক সংস্কৃতিৰ গৱেষক ভূৱিন ৰাভা, ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা কামৰূপী লোক কৃষ্টিৰ গুৰু উপাধি লাভ কৰা সুকুমাৰ মেধি, ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, উপ মুখ্য কাৰ্যবাহী ৰমাকান্ত ৰাভা, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া ড॰ অংকিতা শমাৰ্, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অভিনেত্ৰী আশা বৰদলৈ, কৃতি শিক্ষক মায়াৰাম দাস, সমাজকম¹ অনুপ মেধি, কবি বিপুল শৰ্মা আদিকে ধৰি কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷
দক্ষিণ কামৰূপৰ নৈপৰীয়া দখলা গাৱত জন্মলাভ কৰা কবি, উপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ, গীতিকাৰ কিশোৰ কুমাৰ কলিতাই অসমীয়া সাহিত্যৰ জগতখনত নিজকে সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ আদৰ্শ পিতৃ স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা আৰু মাতৃ পুতলি কলিতাৰ তৃতীয় সন্তান কিশোৰ কুমাৰ কলিতাই নৈপৰীয়া পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈ জীৱনটোক একপ্ৰকাৰ উদযাপন কৰিবলৈ প্ৰয়াস কৰিছে ৷
দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে সাহিত্য চৰ্চা কৰি অহা কিশোৰ কুমাৰ কলিতাই অসমীয়া সাহিত্যৰ ভঁৰাললৈ কেবাখনো গ্ৰন্থ উপহাৰ হিচাপে দিবলৈ সক্ষম হৈছে ৷ তেওঁ ৰচনা কৰা পাচখন উপন্যাস ক্ৰমে- কালধুমুহা, কৃষ্ণচূড়াৰ ৰং, কল্লোলিনীৰ কল্লোল, কেচাসোণ আৰু কাদম্বৰী ৷
মনোৰম চানডুবিৰ ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে ইতিহাস আৰু কিংবদন্তী সামৰি ৰচনা কৰা ‘কেচাসোণ’ উপন্যাসৰ বাবে তেওঁক অসম সাহিত্য সভাই ২০০৪ বৰ্ষত ছিপাঝাৰ অধিৱেশনত ‘গিৰিধৰ শৰ্মা বটা’ আগবঢ়াইছিল ৷ তেওঁৰ কবিতা পুথি ক্ৰমে- “কবিতা নুবুজা ছোৱালীজনী’’, “ কবিতা এটাৰ দৰেই হব বহাগ’’ আৰু হৃদয়ৰ অনন্যা [যুটীয়া] ৷
একমাত্ৰ প্ৰৱন্ধ সংকলন ‘কুকি ’ ৷ ইতিমধ্যে কেবাখনো মূল্যবান গ্ৰন্থ, কাকত, আলোচনী আদিও সম্পাদনা কৰি আহিছে ৷ পেচাগতভাৱে সাংবাদিকতা কৰা কলিতাই কলেজীয়া দিনৰে পৰা দীৰ্ঘদিন ধৰি সাহিত্য চৰ্চা কৰি আহিছে ৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশ হৈ অহা আগশাৰীৰ কাকত, আলোচনী, গ্ৰন্থ আদিত কলিতাৰ গল্প, কবিতা, প্ৰৱন্ধ আদি ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে ৷
অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কলিতাই বৰ্তমান বৈদ্যুতিন মাধ্যমৰ “ডি ৱাই ৩৬৫“, দৈনিক বাতৰি কাকত “আমাৰ অসম’ আৰু ‘সাপ্তাহিক কৱচ’ কাকতত কাম কৰি আহিছে ৷ নিজৰ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত নিষ্ঠাৰে বৰঙণি আগবঢ়োৱা বাবে তেওঁ ইতিমধ্যে বিভিন্ন দল সংগঠনৰ পৰা আদৰ পাবলৈও সক্ষম হৈছে ৷
‘কেচাসোণ’ উপন্যাসৰ বাবে অসম সাহিত্য সভাই ২০০৪ বৰ্ষত ছিপাঝাৰ অধিৱেশনত ‘গিৰিধৰ শৰ্মা বটা’ আগবঢ়োৱাৰ লগতে ২০০৬ চনত ‘কবি কল্পদ্ৰুম বটা’, ২০১৩ বৰ্ষত ডি ৱাই ৩৬৫ ৰ পৰা শ্ৰেষ্ঠ সাংবাদিকতাৰ বটা, ২০২১ বৰ্ষত ‘শাশ্বত সাহিত্য বটা’ আৰু আৰোহণ সাহিত্য বঁটা’ৰে বিভূষিত হৈছে। ২০২২ বৰ্ষত ‘বৰলুইত বটা’ ৱো লাভ কৰিছে ৷
অসম চৰকাৰৰ পৰা লেখক সম্বৰ্ধনাও লাভ কৰিছে ৷ ইতিমধ্যে নিষ্ঠাসহকাৰে ছপা আৰু বৈদ্যুতিন দুয়োটা মাধ্যমতে সাংবাদিকতা কৰি অহাৰ বাবেও বিভিন্ন ক্ষেত্ৰৰ পৰা সন্মান লাভ কৰিছে ৷ এইবেলি পুনৰ সাপ্তাহিক অসমভূমি কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ অহা উপন্যাস “কথকতা’’ পহিলা জানুৱাৰীৰ দিনাই চানডুবি উৎসৱৰ বাকৰিত উন্মোচন কৰা হয় ৷
মালিয়াটা অফছেট প্ৰেছে প্ৰকাশ কৰি উলিওৱা উপন্যাসখন উন্মোচন কৰি সাংবাদিকতাৰ ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতো সাহিত্য চৰ্চা বিশেষকৈ উপন্যাস ৰচনা কৰাৰ দৰে মহৎ কাম কৰি থকাৰ বাবে প্ৰশংসা কৰে ৷ সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে সাংবাদিকতা আৰু সামাজিক কাম- কাজতো সদায়েই নিয়োজিত হৈ আহিছে৷ নিজৰ সৃষ্টিশীল মন আৰু স্বকীয় প্ৰতিভাৰে অসমীয়া সমাজ জীৱনলৈ দি অহা উপহাৰবোৰৰ ভিতৰত ‘কথকতা’ অন্যতম হব বুলি আশা কৰিছে উন্মোচক ৰাতুল গোস্বামীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us