/asomiyapratidin/media/media_files/2025/10/02/464-2025-10-02-20-50-32.jpg)
ডিজিটেল সংবাদ,নলবাৰী : নলবাৰী জিলাৰ পূব বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে প্ৰকাশ কৰি উলিওৱা
বাৰ্ষিক মুখপত্ৰ "বাঘেশ্বৰী" উন্মোচন কৰা হয়। শক্তিৰূপিনী, অসুৰনাসিনী মা দূর্গাৰ শাৰদীয় পূজাৰ লগত সংগতি ৰাখি মহা অষ্টমীৰ সন্ধিয়া বাঘেশ্বৰী দেওবাঁহৰগুৰি দেৱালয়ৰ বাকৰিত উন্মোচন কৰা হয় মখপত্ৰখন।
চিন্টু কলিতাৰ সম্পাদনাত প্ৰকাশ হোৱা মুখপত্ৰখন উন্মোচন কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয় অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ মনোজ কুমাৰ মহন্তই । উন্মোচনী ভাষণ প্ৰদান কৰি ড০ মহন্তই সাম্প্ৰতিক সমাজ বাস্তৱ পৰিস্থিতিৰ ভালেমান দিশৰ ওপৰত নিজৰ মত ব্যক্ত কৰে।
সমান্তৰালভাৱে মোবাইল আসক্তিৰ পৰা ওলাই আহি নৱ প্ৰজন্মই গ্ৰন্থ-আলোচনী-বাতৰি কাকত অধ্যয়নত গুৰুত্ব নিদিলে আমাৰ সমাজৰ ভৱিষ্যত অন্ধকাৰছন্ন বুলি তেওঁ চিন্তা ব্যক্ত কৰে। উন্মোচনী সভাত সভাপতিত্ব কৰে পূৱ বৰক্ষেত্ৰী সাৰ্বজনীন দূৰ্গাউৎসৱ সমিতিৰ সভাপতি বিপুল চন্দ্ৰ কলিতাই।
উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে দুৰ্গোৎসৱ কমিটীৰ কাৰ্যকৰী সভাপতি নগেন ঠাকুৰীয়া, মুখ্য সম্পাদক বিশ্ব ঠাকুৰীয়া, অসমীয়া প্রতিদিনৰ সাংবাদিক ড০ বনজিৎ ঠাকুৰীয়া, দুৰ্গোৎসৱ সমিতিৰ আলোচনী বিভাগৰ সহকাৰী সম্পাদক শৈলেন্দ্ৰ কলিতা, সদস্য ধ্ৰুৱজ্যোতি কলিতা, প্ৰানজিত মহন্ত, দীপুমনি ঠাকুৰীয়াৰ লগতে পূজা সমিতিৰ বিষয়ববিয়াসকল ।
উল্লেখযোগ্য যে চৌত্ৰিছ সংখ্যক "বাঘেশ্বৰী" মুখপত্ৰত ভিন্ন স্বাদৰ প্ৰবন্ধ-নিবন্ধ, গল্প-কবিতা সন্নিবিষ্ট হৈছে। বিশেষকৈ নলবাৰী জিলাৰ পূব প্ৰান্তৰ উদীয়মান লেখক-লেখিকাৰ এখন উৰ্বৰা মঞ্চ হিচাপে প্ৰতিপন্ন হৈ আহিছে "বাঘেশ্বৰী"।