পথ দুৰ্ঘটনাত ৩ যুৱকৰ অকাল বিয়োগ : মৰিগাঁৱত শোকাকুল পৰিৱেশ

বুধবাৰে এই তিনি যুৱকৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই অঞ্চলবাসীৰ মাজত এক শোকাকুল পৰিবেশ বিৰাজ কৰে। উল্লেখযোগ্য যে আটাইকেইটা মৃতদেহ চিকিৎসালয়ৰ পৰা সমদল কৰি ঘৰ আহি পোৱাৰ পিছতেই গাঁওবাসীৰ লগতে আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল উঠে

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত ৩ যুৱকৰ অকাল মৃত্যু

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও চহৰৰ মাজমজিয়াত মঙলবাৰে নিশা সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লৈছিল মৰিমুছলমান গাঁৱৰ ৩জনকৈ যুৱকে। দুৰ্ঘটনাত নিহত হোৱা যুৱককেইজন হৈছে- দিপমণি, চাজিদ আৰু মোস্তাক।

Advertisment

বুধবাৰে এই তিনি যুৱকৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই অঞ্চলবাসীৰ মাজত এক শোকাকুল পৰিবেশ বিৰাজ কৰে। উল্লেখযোগ্য যে আটাইকেইটা মৃতদেহ চিকিৎসালয়ৰ পৰা সমদল কৰি ঘৰ আহি পোৱাৰ পিছতেই গাঁওবাসীৰ লগতে আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল উঠে। শোকত ভাগি পৰে পৰিয়ালৰ লোক।

ইয়াৰ পিছতেই সুদৰ্শন চেহেৰাৰ তিনিওজন যুৱকক সন্মুখত লৈ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত মৰিমুছলমান গাঁৱৰ জানাজা গৃহত জানাজা পঢ়া হ’ব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।  বিয়লি আছৰৰ নামাজৰ পিছতেই ৰাজহুৱা কবৰস্থানত তিনিওকে একে লগে কবৰ দিয়া হ’ব।

morigaon