ডিজিটেল ডেস্কঃ ওন্নাৱত সংঘটিত দলৱদ্ধ বলাৎকাৰ কাণ্ডৰ পীড়িত কিশোৰীগৰাকীৰ দেওবাৰে এক পথ দুৰ্ঘটনাত সংঘটিত হৈছিল। কিশোৰীগৰাকী অধিবক্তাসহ এখন গাড়ীত গৈ থকা অৱস্থাত ভুল দিশে অহা এখন ট্ৰাকে তেওঁলোক বাহনখনত খুন্দা মাৰিছিল।
ৰায়বৰেলীত সংঘটিত এই দুৰ্ঘটনাত গাড়ী চালকজন থিতাতে নিহত হৈছিল আৰু দলৱদ্ধ বলাৎকাৰৰ বলি হোৱা কিশোৰীগৰাকী আৰু অধিবক্তাগৰাকী গুৰুতৰভাৱে আহত হয়। দুয়ো বৰ্তমান চিকিৎসালয়ত ভেন্টিলেটৰত আছে।
এই দুৰ্ঘটনাৰ পাছতেই বলাৎকাৰৰ বলি হোৱা পীড়িতগৰাকীৰ খুৰাকে বিজেপি বিধায়ক কুলদীপ ছেংগাৰ লগতে তেওঁৰ ভাতৃ আৰু ১০জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। হাই প্ৰফাইল এই বলাৎকাৰৰ গোচৰত নাম সাঙোৰ খাই আছিল কুলদীপ ছেংগাৰ।
এই দুৰ্ঘটনাত পীড়িতাগৰাকীৰ মাহীয়েক, খুৰীয়েক আৰু চালকজনৰ মৃত্যু হয়। ৰায়বৰেলীলৈ গুৰবখছ গঞ্জ নামৰ ঠাইত তেওবাৰে এই দুৰ্ঘটনা সংঘটিত হৈছিল। সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে ওন্নাৱৰ দলৱদ্ধ বলাৎকাৰৰ লগতে এই পথ দুৰ্ঘটনা সন্দৰ্ভতো চিবিআইৰ তদন্তৰ দাবী কৰিছে।
উল্লেখযোগ্য যে, ১৬ বছৰীয়া এই কিশোৰীগৰাকীয়ে বলাৎকাৰৰ বলি হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বাসগৃহৰ সন্মুখত ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালে অভিযোগ কৰা মতে, চাকৰি বিচাৰি বিজেপি বিধায়ক কুলদীপ ছেংগাৰৰ ঘৰলৈ যোৱা সময়তে এই বলাৎকাৰ ঘটনা সংঘটিত হৈছিল। ২০১৭চনত সংঘটিত হৈছিল এই কাণ্ড।