Advertisment

ভট্টদেৱ বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ পালন…

ভট্টদেৱ বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ পালন…

author-image
asomiyapratidin
New Update
ভট্টদেৱ বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় সপ্তাহ পালন…

ডিজিটেল সংবাদ, বজালীঃ বজালী মহাবিদ্যালয়ৰ পৰা উন্নতি হোৱা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বাকৰি এতিয়া উদুলি মুদুলি । কিয়নো যোৱা মংগল বাৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস সৃষ্টি কৰি আৰম্ভ হৈছে বিশ্ববিদ্যালয় সপ্তাহৰ। বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে প্ৰথম দিনাখন বিশ্ববিদ্যালয় সপ্তাহৰ পতাকা উত্তোলন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল ধেমালি।

Advertisment

বিশ্ববিদ্যালয় সপ্তাহৰ দ্বিতীয় দিয়া অৰ্থাত আজি পুৱা দহ বজাত বিশ্ববিদ্যালয়ৰ প্ৰাংগণৰ পৰা পাঠশালা চহৰৰ মাজ মজিয়াৰে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । সাংস্কৃতিক শোভা আনুস্থানিক ভাবে মুকলি কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে। সাংস্কৃতিক শোভাযাত্ৰা মুকলি অনুষ্ঠানটোত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা কনক দাস, অৰ্থনৈতিক বিভাগৰ প্ৰবক্তা পৰাগ বৰ্মণৰ লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে শিল্পী পেঞ্চনাৰ লোকগীতৰ সাধক বসন্ত পাটগিৰী,যুব নাট্যকাৰ কিশোৰ তহবিলদাৰ আৰু পৰিচালক ৰাজেন দাসে।

বজালী জিলাৰ সদৰ পাঠশালা নগৰৰ ৰাজপথৰ মাজেৰে উলিওৱা এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাই প্ৰায় চাৰি কি:মি: দৈৰ্ঘ্য অতিক্ৰম কৰে । সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ লগতে দেশ প্ৰেম আৰু ধৰ্মীয় সকলো দিশ উপস্থান কৰি ছাত্ৰ ছাত্ৰী সকলে শোভাযাত্ৰাত ভাগ লয়।

বিশ্ববিদ্যালয় সপ্তাহৰ শেষৰ দিনা ১২ এপ্ৰিল মংগলবাৰে শেষ কাৰ্যসূচী সাংস্কৃতিক অনুস্থানত অনুষ্ঠান পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী প্ৰবীণ বড়া। সাত দিনীয়া কৈ আয়োজন কৰা এই বিশ্ববিদ্যালয় সপ্তাহৰ প্ৰতিটো কাৰ্যসূচীতে ছাত্ৰ ছাত্ৰীক সকলক সহায় সহযোগিতা তথা উপস্থিত থাকিবলৈ ভট্টদেব বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেবৰ্ষি মেধীয়ে অনুৰোধ জনাইছে ।