লক্ষ্য ২০২৬ৰ বিধানসভা নিৰ্বাচন : গৌৰৱ গগৈৰ আহ্বানত বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

বিৰোধী ঐক্যৰ নেতা- তথা প্ৰতিনিধিসকলৰ উপস্থিতিত এই বৈঠকখনি অনুষ্ঠিত কৰা হয়। আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য শক্তিশালী কৰাৰ বাবে কংগ্ৰেছে আহ্বান কৰা অসম বিধানসভাত বুধবাৰে বিৰোধী দলসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
204

ডিজিটেল ডেস্ক : আসন্ন ২০২৬ত হ’ব লগা অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ লগতে নিজ নিজ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে উঠি- পৰি লাগিছে শাসকীয় দলৰ লগতে বিৰোধী দলসমূহ। এনে সময়তে ১২ নৱেম্বৰ ২০২৫ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ আহ্বানত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ বৈঠক।

বিৰোধী ঐক্যৰ নেতা- তথা প্ৰতিনিধিসকলৰ উপস্থিতিত এই বৈঠকখনি অনুষ্ঠিত কৰা হয়। আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য শক্তিশালী কৰাৰ বাবে কংগ্ৰেছে আহ্বান কৰা অসম বিধানসভাত বুধবাৰে বিৰোধী দলসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনৰ সভাকক্ষত অনুষ্ঠিত এই বিশেষ বৈঠকখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদ্যুত বৰদলৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চি পি আই( এম এল)ৰ নেতা বিবেক দাস, কনক গগৈ, চি পি আই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সুশান্ত তালুকদাৰ, সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আদিয়ে অংশগ্ৰহণ কৰে। 

বৈঠকত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই বৈঠক “ইতিবাচক আৰম্ভণি” বুলি অভিহিত কৰে। তেওঁ কয় যে “অসমৰ ৰাইজে বিৰোধীক একত্ৰিত হোৱাতো বিচাৰে। এই বৈঠকে সমগ্ৰ ৰাজ্যতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব।”

লগতে তেওঁ কয় যে বৰ্তমানৰ শাসন ব্যৱস্থাৰ অধীনত প্ৰচলিত চিণ্ডিকেট আৰু দুৰ্নীতি সংস্কৃতিৰ অন্ত পেলাবলৈ বিৰোধী দলসমূহৰ মাজত ঐক্য অতি প্ৰয়োজনীয়। বিৰোধী শক্তি একত্ৰিত হোৱাৰ সময় আহি পৰিছে, ঐক্যৰ জৰিয়তেহে দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অন্ত পেলাব পৰা যাব।

একেদৰে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে, এই বৈঠকৰ লক্ষ্য হৈছে “নিৰ্বাচনমুখী পৰিৱেশ” সৃষ্টি কৰা আৰু বিৰোধী দলসমূহৰ মাজত উন্নত সমন্বয় নিশ্চিত কৰা। জ্যেষ্ঠ নেতা তথা বিধায়ক মনোৰঞ্জন তালুকদাৰে এই আলোচনাক লৈ আশাবাদী বুলি মন্তব্য কৰে। তেওঁ কয়- “এই বৈঠকৰ ফলাফলক লৈ আমি ১০০% আশাবাদী।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভূপেন বৰাৰ সময়ছোৱাত বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল যদিও কাৰ্যতঃ ফলপ্ৰসু নহ'ল । কংগ্ৰেছে বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি বিৰোধী ঐক্যমঞ্চ ভংগ হৈছিল আৰু কংগ্ৰেছ অবিহনে গঠন হৈছিল অসম সন্মিলিত মৰ্চা ।

বিধানসভা নিৰ্বাচন