বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হ'ল একতাৰ সমদল

লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী,বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বাক্সাঃ   বাক্সা জিলাৰ বৰবৰী আৰক্ষী চাউনীৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আজি একতাৰ সমদল উলিওৱা হয়। জিলা আয়ুক্ত গৌতম দাসে আদৰণি ভাষণেৰে এই অনুষ্ঠানটিৰ আৰম্ভ কৰে।

WhatsApp Image 2025-11-08 at 5.40.33 PM (1)

 লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।আজিৰ অনুষ্ঠানটিত উপস্থিত থাকে লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী,বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদ।

WhatsApp Image 2025-11-08 at 5.40.33 PM (2)

 একতাৰ সমদলত অংশগ্ৰহণ কৰে বাক্সা জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক, জিলা আয়ুক্তৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে।

উৰ্খাও গৌৰা ব্ৰহ্ম