New Update
/asomiyapratidin/media/media_files/2026/02/04/49-2026-02-04-20-03-15.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : উজনি অসমত পুনৰ আৰম্ভ হৈছে মিঞা খেদা অভিযান ৷ বিশেষকৈ শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ অংশস্বৰূপে বেনাৰ আৰিছে জাতীয় সংগ্ৰামী সেনা নামৰ সংগঠনে ৷ কিন্তু কোনো দুস্কৃতিকাৰীয়ে মঙলবাৰে ফালিলে সংগঠনটোৰ এই বেনাৰ পোষ্টাৰ ৷
এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে অসমীয়া যুৱ মঞ্চই ৷ বেনাৰ ফলা কাৰ্যক কাপুৰুষালী আখ্যা দি সংগঠনটোৰ নেতৃত্বই ক'লে এয়া ইউনিছ তামুলীৰ দৰে ব্যক্তিৰ মন্তব্যৰ পাছতে সংঘটিত হৈছে ৷
লগতে সংগঠনটোৱে কয়- ইউনিছ তামুলীয়ে নিজৰ জাতিটোক প্ৰতাৰণা কৰি ধৰ্মক লৈহে গুৰুত্ব দিছে ৷ যাৰ বাবে মিঞা মূলৰ মানুহক নগাঁও, মৰিগাঁৱৰ পৰা আনি কামত লগাম বুলি আস্ফালন কৰিছে ৷ যি কাৰ্যই ইউনিছ তামুলীয়ে যে জাতিটোক নহয়, ধৰ্মকহে প্ৰাধ্যান্য দিছে সেয়া ওলাই পৰিল ৷লগতে অসমীয়া যুৱ মঞ্চই বেনাৰ ফলাৰ লগত জড়িতক নপুংসক আখ্যা দিয়ে ৷
সংগঠনটোৱে লগতে কয়- ইউনিছ তামুলীৰ দৰে তথাকথিত ব্যক্তিয়ে প্ৰতি বাৰেই এই অভিযানৰ বাধা দি আহিছে নিজৰ জাতিটোক প্ৰতাৰণা কৰি ৷ গতিকে সংগঠনটোৰ দাবী বেনাৰ ফলা কাৰ্যত জড়িত দূস্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি দিয়ক ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us