/asomiyapratidin/media/media_files/2025/09/13/23i-2025-09-13-14-53-41.jpg)
ডিজিটেল ডেস্ক : পাপুয়া নিউগিনি চৰকাৰৰ আমন্ত্ৰণত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ২০২৫ৰ ১৬ ছেপ্টেম্বৰত পাপুয়া নিউগিনি ভ্ৰমণ কৰিব। দেশখনৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হ’বলগীয়া স্মৃতিচাৰণ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই।
উল্লেখযোগ্য যে, এই ভ্ৰমণৰ সময়ত পাপুয়া নিউগিনিৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। পাপুয়া নিউগিনিৰ ভাৰতীয় ব্যৱসায়ী সমাজৰ সৈতেও তেওঁ মত বিনিময় কৰিব ।
২০২৩ চনৰ মে’ মাহত প’ৰ্ট ম’ৰেছবিত প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ মঞ্চৰ (এফআইপিআইচি) ঐতিহাসিক তৃতীয় সন্মিলনৰ পিছত এমঅ’এছ(পিএম)ৰ পাপুয়া নিউগিনি ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ দেশসমূহৰ (পিআইচি) নেতৃত্বৰ সৈতে সম্পৰ্ক উন্নত কৰিব ।