সাদিন-প্রতিদিন গোষ্ঠীৰ Achiever Awards এতিয়া ৰাষ্ট্রীয় পৰ্যায়ৰঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই ভাষণ আগবঢ়াই কয় যে- ‘সাদিন-প্রতিদিন গোষ্ঠীৰ Achiever Awards এতিয়া ৰাষ্ট্রীয় পৰ্যায়ৰ। ইয়াৰ বাবে অধ্যক্ষ জয়ন্ত বৰুৱাক অভিনন্দন জনাইছো।’

author-image
Asomiya Pratidin
New Update
SCINDIAIAIIA

ডিজিটেল ডেস্কঃ প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে এইবাৰো সাদিন প্ৰতিদিন গোষ্ঠীয়ে অনুষ্ঠিত কৰে এচিভাৰ এৱাৰ্ডছ-২০২৫। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটি।  এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়াই কয় যে- ‘সাদিন-প্রতিদিন গোষ্ঠীৰ Achiever Awards এতিয়া ৰাষ্ট্রীয় পৰ্যায়ৰ। ইয়াৰ বাবে অধ্যক্ষ জয়ন্ত বৰুৱাক অভিনন্দন জনাইছো।’
 
অসমীয়া ভাষাৰ ওজা হেমচন্দ্র বৰুৱাক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্রী সিন্ধিয়াই কয়- ‘হেমচন্দ্র বৰুৱাৰ পৰম্পৰাক সফলভাৱে আগুৱাই লৈ গৈছে জয়ন্ত বৰুৱাই।’ সাদিন-প্রতিদিন গোষ্ঠীৰ সাংবাদিকতাৰ ইতিহাসক প্রশংসা কৰি তেওঁ লগতে ভাষণত কয় যে- ‘অসমীয়া প্রতিদিনে নৈতিক আৰু উচ্চ পৰ্যায়ৰ দায়বদ্ধতাৰ পৰিচয় দিছে।’

24952bbd-4607-4415-b832-21957a1b352d

ইফালে, হেমকোষ অভিধানৰ ব্রেইল সংস্কৰণ এক উল্লেখযোগ্য অৱদান বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে- ‘হেমকোষৰ পৰম্পৰা অব্যাহত ৰাখি জয়ন্ত বৰুৱাই প্রকাশ কৰিছে এই সংস্কৰণ। বৰুৱা ডাঙৰীয়াৰ কেৱল সাংবাদিক অথবা সংবাদ গোষ্ঠীৰ অধ্যক্ষই নহয়, অসমীয়া জনজীৱনতো তেওঁৰ অৱদান উল্লেখনীয়।’ 

463a5e09-7759-483f-b815-9b6b7afb1627

আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়- ‘অভূতপূৰ্ব প্রতিভাৰ গৰাকীৰে ভৰি আছে অসম। প্রতিভাৱান বঁটাপ্রাপকসকলৰ সৈতে উপস্থিত থাকিবলৈ পাই গৌৰৱান্বিত হৈছো। আজিৰ যুৱ প্রজন্মক দেখিলে কেতিয়াবা মনত ঈৰ্ষা জন্মে। ভাৰতৰ ১৪০ কোটি জনসংখ্যাৰ ৭০ শতাংশই ৩৫ বছৰৰ তলৰ। ইউৰোপ, আমেৰিকাৰ জনসংখ্যাতকৈ ভাৰতৰ যুৱৰ সংখ্যা ২-৩ গুণ বেছি। ইতিহাসলৈ উভতি চাওক। ২-৩ হাজাৰ বছৰৰ পিছলৈ চাওক। পৰৱৰ্তন যদি আহিছে নতুন চামৰ তৎপৰতাৰ বাবেই আহিছে। মা ভাৰতীৰ এই অমৃত সময়ে কেৱল ভাৰতকে নহয় বিশ্বৰে পৰিৱৰ্তন সাধিব। সমগ্র বিশ্বৰ তুলনাত ভাৰত তিনিগুণ বেছি গতিত বিকশিত হৈ আছে।’ 

37154e05-c5cf-45a3-9b36-419d89e19b99

উত্তৰ-পূবৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পাৰিবাৰিক সম্পৰ্ক বিষয়ে উল্লেখ কৰি তেওঁ কয়- ‘ত্রিপুৰাৰ যুৱৰাজে মোৰ পেহীক বিয়া কৰাইছিল। অসম আৰু উত্তৰ-পূবৰ যথেষ্ট সম্ভাৱনা আৰু ক্ষমতা আছে। প্রকৃত, মানৱ সম্পদ, উদ্যোগী, ক্রীড়াবিদ, সমাজ সেৱকৰ ভঁৰাল অসম।’

জ্যোতিৰাদিত্য সিন্ধিয়া