/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-01-24-19-06-10.jpeg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (DoNER) আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শনিবাৰে ত্ৰিপুৰাৰ উত্তৰ ফুলকাবাৰীত ৮০ কোটি টকাৰ আগৰু (Agarwood) মূল্য শৃংখল উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-2026-01-24-18-56-51.jpeg)
এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নত উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগীৰ অধীনত এই অঞ্চললৈ একাধিক উন্নয়নমূলক আঁচনি আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰথম দিনা কেইবাটাও প্ৰকল্প জনসাধাৰণৰ বাবে উন্মোচন কৰা হৈছিল। আজি আগৰু মূল্য শৃংখল আঁচনিৰ আধাৰশিলা স্থাপন কৰা হ’ল আৰু কাইলৈ মাটাবাৰী পৰ্যটন পৰিক্ৰমাৰ শুভাৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-01-24-18-56-22.jpeg)
জ্যোতিৰাদিত্য সিন্ধিয়াই উল্লেখ কৰে যে, ভাৰতৰ আগৰু উৎপাদনৰ মুখ্য কেন্দ্ৰ ত্ৰিপুৰা আৰু অসমত কেন্দ্ৰীক আৰু এই আঁচনিয়ে দুয়োখন ৰাজ্যৰ শক্তিক অধিক গতিশীল কৰি তুলিব। ৮০ কোটি টকাৰ আঁচনিয়ে আগৰুৰ সম্পূৰ্ণ মূল্য শৃংখল শক্তিশালী কৰিব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-01-24-18-56-06.jpeg)
তেওঁ লগতেও জনায় যে, এই আঁচনিৰ জৰিয়তে কৃষকৰ পথাৰত থকা আগৰু গছৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সুগন্ধি বটললৈকে সম্পূৰ্ণ আগৰু মূল্য শৃংখল উন্নয়ন কৰা হ’ব। আঁচনিৰ অধীনত দুটা কেন্দ্ৰীয় প্ৰচেচিং চেণ্টাৰ (CPC) স্থাপন কৰা হ’ব— এটা অসমৰ গোলাঘাটত আৰু আনটো ত্ৰিপুৰাৰ ফুলকাবাৰী অঞ্চলত। এই প্ৰচেচিং চেণ্টাৰসমূহে আগৰুৰ প্ৰচেচিং, ব্ৰেণ্ডিং আৰু বিপণনৰ সুবিধা প্ৰদান কৰিব, মধ্যস্থতাকাৰীৰ ভূমিকা আঁতৰাই কৃষকক পোনপটীয়াকৈ সম্পূৰ্ণ লাভ নিশ্চিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-202-2026-01-24-18-55-47.jpeg)
জ্যোতিৰাদিত্য সিন্ধিয়াই জনায় যে, আগৰু খণ্ডক বিশ্বমানৰ কৰি তুলিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। আগৰুৰ GI টেগ লাভৰ প্ৰক্ৰিয়া চলি আছে। একে সময়তে ৰপ্তানি কোটা ছয়গুণ বৃদ্ধি কৰা হৈছে। আগৰু চিপছৰ ৰপ্তানি ২৫ হাজাৰ কিলোগ্ৰামৰ পৰা ১.৫ লাখ কিলোগ্ৰামলৈ আৰু আগৰু তেলৰ ৰপ্তানি ১,৫০০ কিলোগ্ৰামৰ পৰা ৭,৫০০ কিলোগ্ৰামলৈ বৃদ্ধি কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsa-2026-01-24-18-55-32.jpeg)
ইয়াৰ উপৰিও সকলো অনুমতি আৰু ছাইট ডিজিটেল প্লেটফৰ্মত সংযোজন কৰি কৃষকক পোনপটীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-01-24-18-55-20.jpeg)
তেওঁ লগতে উল্লেখ কৰে যে, ফুলকাবাৰীৰ আগৰু খণ্ড প্ৰধানমন্ত্ৰী মোডীৰ ‘লোকেল টু গ্ল’বেল’, ‘ভ’কেল ফৰ লোকেল’ আৰু ‘এক জিলা এক পণ্য (ODOP)’ দৃষ্টিভংগীৰ অন্যতম উৎকৃষ্ট উদাহৰণ। বৰ্তমান ভাৰতত প্ৰায় ১৫ কোটি আগৰু গছ আছে, যাৰ প্ৰায় ৯০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত। এই আঁচনিৰ ফলত ত্ৰিপুৰাৰ আগৰু উৎপাদন ক্ষমতা প্ৰায় ৫০ শতাংশলৈ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-image-2026-01-24-18-55-03.jpeg)
ইফালে অহা ৩–৪ বছৰৰ ভিতৰত ত্ৰিপুৰাৰ আগৰু বজাৰৰ বাৰ্ষিক টাৰ্নঅ’ভাৰ ২,০০০ কোটি টকালৈ বৃদ্ধি পাব পাৰে বুলি তেওঁ উল্লেখ কৰে। কৃষকক পোনপটীয়াকৈ বিশ্ব বজাৰৰ সৈতে সংযোগ কৰিবলৈ বায়াৰ-চেলাৰ মিট আয়োজন কৰা হৈছে বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কাটাৰৰ ব্যৱসায়ীৰ সৈতে হোৱা সাম্প্ৰতিক বৈঠকৰ উদাহৰণ দাঙি ধৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/24/whatsapp-imag-2026-01-24-18-54-45.jpeg)
জ্যোতিৰাদিত্য সিন্ধিয়াই লগতে জনায় যে, ত্ৰিপুৰাত আগৰু প্ৰকল্পৰ উপৰিও আন বহু উন্নয়নমূলক আঁচনি আগবাঢ়ি আছে। শুকুৰবাৰে তেওঁ ২২০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ লগতে আগৰতলা চৰকাৰী ইণ্টাৰ কলেজ (১৯২ কোটি টকা) আৰু মাতৃ-শিশু স্বাস্থ্য চিকিৎসালয় (২০০ কোটি টকা) প্ৰকল্প পৰ্যালোচনা কৰে। আনহাতে, দেওবাৰে ২৮০ কোটি টকাৰ মাটাবাৰী পৰ্যটন পৰিক্ৰমাৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us