কেন্দ্ৰীয় মন্ত্ৰী জীতন ৰাম মাঞ্জীৰ নাতিনীক গুলীয়াই হত্যা

অভিযুক্ত ৰমেশ পাটনাত ট্ৰাক চালক । দুপৰীয়া ১২ বজাৰ ওচৰত সংঘটিত হয় এই হত্যাকাণ্ড। অভিযুক্ত স্বামীয়ে ঘৰৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা কৰি পিষ্টলটো পেলাই পলায়ন কৰে।

author-image
Asomiya Pratidin
New Update
cxcx

ডিজিটেল ডেস্কঃ  বুধবাৰে বিয়লি বিহাৰৰ গয়া জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কেন্দ্ৰীয় মন্ত্ৰী জীতন ৰাম মাঞ্জীৰ নাতিনীক গুলীয়াই হত্যা কৰে। নিহত যুৱতীগৰাকীৰ নাম সুষমা দেৱী। সুষমা দেৱীৰ স্বামী ৰমেশৰ বিৰুদ্ধে তেওঁক হত্যাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, আটাৰী ব্লকৰ অন্তৰ্গত তেতুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সুষমাই আটাৰী ব্লকত বিকাশ মিত্ৰ হিচাপে কৰ্মৰত আছিল, আনহাতে অভিযুক্ত ৰমেশ পাটনাত ট্ৰাক চালক। প্ৰাথমিক তদন্তৰ পৰা পোৱা খবৰ অনুসৰি, দুপৰীয়া ১২ বজাৰ ওচৰত সংঘটিত হয় এই হত্যাকাণ্ড।

অভিযুক্ত স্বামীয়ে ঘৰৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা কৰি পিষ্টলটো পেলাই পলায়ন কৰে।উল্লেখ কৰা প্ৰয়োজন যে, ১৪ বছৰ পূৰ্বে দুয়োৰে আন্তঃজাতীয় বিবাহ হৈছিল। ঘটনাৰ সময়ত মৃতকৰ ভগ্নী আৰু সন্তান ঘৰৰ আন এটা কোঠাত আছিল।

 গুলীৰ শব্দ শুনি মৃতকৰ ভগ্নী আৰু সন্তান সেই স্থানত উপস্থিত হয়। একে সময়তে বন্দুকৰ গুলীৰ শব্দ শুনি ওচৰ-চুবুৰীয়াও সুষমাৰ ঘৰত উপস্থিত হয়। বৰ্তমান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ঘটনা সন্দৰ্ভত গয়াৰ আৰক্ষী বিষয়া আনন্দ কুমাৰে কয় যে, বিষয়টোৰ তদন্তৰ বাবে নিমচাক বাথানীৰ এছ ডি পি অ’ প্ৰকাশ কুমাৰ আৰু এছ এছ পি আনোৱাৰ জাভেদ আনছাৰীৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে। ফৰেনছিক দল আৰু কাৰিকৰী বিশেষজ্ঞক প্ৰমাণ সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে। 

জীতন ৰাম মাঞ্জী