/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/Ananth-Kumar.jpg)
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ বিজেপি নেতা তথা কেবিনেট মন্ত্ৰী কৰ্ণাটকৰ জনপ্ৰিয় নেতা অনন্ত কুমাৰৰ সোমবাৰে পুৱা বাংগালুৰুৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। কৰ্কট ৰোগত আক্ৰান্ত মন্ত্ৰীগৰাকীয়ে নিউয়ৰ্কত চিকিৎসা গ্ৰহণৰ অন্তত যোৱা মাহত স্বদেশলৈ উভতিছিল।
অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ মন্ত্ৰী সভাৰ সদস্য কুমাৰে মোদী মন্ত্ৰীসভাতো বিশেষ স্থান দখল কৰে। বাজপেয়ী চৰকাৰৰ কালছোৱাত ১৯৯৮ চনত এগৰাকী যুৱ মন্ত্ৰী হিচাপে দেশবাসীৰ অাস্থাভাজন হৈ পৰিছিল কুমাৰ।
ৰাষ্ট্ৰসংঘত কানাড়া ভাষাত ভাষণ প্ৰদান কৰা প্ৰথমগৰাকী ভাৰতীয়ৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে ৰাষ্ট্ৰপতি কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কুমাৰৰ মৃত্যুক দেশৰ বাবে এক অপূৰণীয় ক্ষতি আখ্যা দিয়ে। কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও মন্ত্ৰীগৰাকীৰ মৃ্ত্যুত শোক ব্যক্ত কৰি দেশে এগৰাকী প্ৰতিভাৱান নেতাক হেৰুৱালে বুলি মন্তব্য কৰে।
মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাক এৰি গৈছে কুমাৰে। পৰিয়ালৰ সূত্ৰই জনোৱা মতে শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে বৰ্তমান বাংগালুৰুস্থিত নেশ্যনেল কলেজ গ্ৰাউণ্ডত ৰখা হৈছে তেওঁৰ নশ্বৰদেহ।