/asomiyapratidin/media/media_files/2025/10/21/28-2025-10-21-18-13-02.jpg)
ডিজিটেল সংবাদ, গহপুৰ : দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দি সমগ্ৰ বিশ্বতে গহপুৰৰ নাম জিলিকাই তোলা বীৰাংগনা কনকলতা বৰুৱাৰ নামেৰে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হ'ব "কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে ঘোষণা কৰা উক্ত বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰাৰম্ভিক প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়িছে ।
গহপুৰ বিধানসভা সমষ্টিৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ ভোলাগুৰি চাহ বাগিচাৰ মুকলি হৈ থকা ভূমিত প্ৰায় ৭৩৮ বিঘা মাটিকালি সামৰি নিৰ্মাণ হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। সেই অনুসৰি অহা ৮ নবেম্বৰত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপনৰ বাবে ভোলাগুৰি চাহ বাগিচালৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন।
তদুপৰি সেইদিনা তেওঁ এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব। উক্ত আধাৰশিলা স্থাপন কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত বিশ্ববিদ্যালয় স্থাপন হ'বলগীয়া ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় ৰাজ্যিক বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা।
মন্ত্ৰী আৰু মুখ্য সচিবগৰাকীয়ে বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিং, গহপুৰ সমজিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰ, হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰাৰ উপৰিও শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগত এক আলোচনাত মিলিত হৈ অহা ৮ নবেম্বৰৰ আধাৰশিলা স্থাপন কাৰ্য্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। লগতে বহু দিহা-পৰামৰ্শ দিয়ে।
সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অজন্তা নেওগে কয় যে অহা ৮ নবেম্বৰত দিনৰ ১১ বজাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উক্ত বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। অসম চৰকাৰৰ পূঁজিৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া উক্ত বিশ্ববিদ্যালয়ৰ বাবে প্ৰাৰম্ভিক পৰ্য্যায়ত ৩৫০ কোটি ধাৰ্য্য কৰা হৈছে।
বিদেশৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলা হ'ব বিশ্ববিদ্যালয়খন। আধুনিক শিক্ষা ব্যৱস্থাৰ নতুন নতুন পাঠ্যক্ৰম সংযোজিত হ'ব বিশ্ববিদ্যালয়খনত।
ইপিনে মুখ্য সচিব ডঃ ৰবি কোটাই কয় যে এইখন এখন অত্যাধুনিক বিশ্ববিদ্যালয় হ'ব। আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, কুৱানটাম মেচিন লাৰ্নিং,ৰৱটিক চাইন্স আদি বিভিন্ন অত্যাধুনিক প্ৰযুক্তিগত শিক্ষাৰে সামৰা হ'ব বিশ্ববিদ্যালয়খনৰ শৈক্ষিক ব্যৱস্থাক।
তদুপৰি নতুন ডিজাইনেৰে গঢ়ি তোলা হ'ব আকৰ্ষণীয় বিল্ডিং। দুটা পৰ্য্যায়ত হ'ব এই বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম। প্ৰথম পৰ্য্যায়ৰ কামৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব তিনিবছৰৰ ভিতৰত।
ইয়াৰ পিছত আৰম্ভ হ'ব দ্বিতীয় পৰ্য্যায়ৰ কাম। ইপিনে ইয়াৰ পিছত দিনৰ ১ বজাৰ পৰা গহপুৰ নগৰৰ কনকলতা ভৱনত অনুষ্ঠিত হোৱা এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।
গহপুৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ,পঞ্চায়ত প্ৰতিনিধি, দলীয় বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা পৰ্য্যালোচনা বৈঠকখনত ৮ নবেম্বৰৰ আধাৰশিলা স্থাপন কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় মন্ত্ৰী অজন্তা নেওগে। কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ে কেৱল গহপুৰৰে নহয় সমগ্ৰ উত্তৰ অসমৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক পৰিৱেশত এক সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি মন্ত্ৰী অজন্তা নেওগে ভাষণত কয় যে বীৰাংগনা কনকলতা বৰুৱাৰ নামত উৎসৰ্গিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সফল ৰূপায়নৰ বাবে গহপুৰৰ সৰ্বস্তৰৰ লোকৰ আন্তৰিকতাপূৰ্ণ অংশগ্ৰহণ লাগিব।
জ্যেষ্ঠ বিজেপি নেতা নোমল বৰুৱাই আঁত ধৰা সভাখনত তেওঁ আৰু কয় যে এইখন চৰকাৰে খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে কাম কৰিছে। খিলঞ্জীয়া লোকক ভূমিৰ অধিকাৰ দিছে। দৰিদ্ৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছে।
ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ ধাৰা প্ৰবাহিত হৈছে। সপোন দিঠকত পৰিণত হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বৰ বাবেই এইখন চৰকাৰে যোৱা বিত্তীয় বৰ্ষত এক লাখ পঞ্চম হাজাৰ কোটি টকাৰ বাজেটৰ কাম ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰী অজন্তা নেওগে।
উক্ত পৰ্য্যালোচনা সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা,বিহালী বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল,বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস আৰু গহপুৰ পৌৰসভাৰ পোৰপতি অতুল বৰা উপস্থিত থাকে।