/asomiyapratidin/media/media_files/2025/09/11/bihar-11-2025-09-11-11-34-41.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী বিহাৰত পৰিবহণ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্য লৈ কেন্দ্ৰীয় মন্ত্ৰিসভাই বুধবাৰে দুটা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনালে। ইয়াত অন্তৰ্ভুক্ত হৈছে ৩,১৬৯ কোটিৰ ভাগলপুৰ–ডুমকা–ৰামপুৰহাট ১৭৭ কিলোমিটাৰৰ ৰেলপথ, আৰু ৪,৪৪৭ কোটিৰ মকামা–মুঙেৰ ৮২ কিলোমিটাৰৰ ফ’ৰ লেন পথ।
এই সন্দৰ্ভত যোগাযোগ আৰু ৰে’ল মন্ত্ৰী আশ্বিনী বৈষ্ণৱে কয় যে, এই প্রকল্পসমূহে অঞ্চলটোৰ যাতায়াতৰ সমস্যাৰ সমাধান কৰি ৰে’ল আৰু পথ দুয়োটাকে সুবিধা প্ৰদান কৰিব। আনহাতে এক আনুষ্ঠানিক বিবৃতিত জনোৱা অনুসৰি ফ’ৰ-লেন এক্সেছ-কণ্ট্ৰ'ল্ড পথটোৰে ঘণ্টাত ১০০ কিলোমিটাৰ গতিৰে যাব পৰাকৈ নক্সা তৈয়াৰ কৰা হৈছে।
তাৰোপৰি পথটোৰ সাধাৰণ গড় গতি ঘণ্টাত ৮০ কিলোমিটাৰ। ইয়াৰ ফলত মুঙেৰ–মকামা মাজত ভ্ৰমণৰ সময় ১.৫ ঘণ্টালৈ হ্ৰাস পাব। লগতে যাত্ৰী আৰু মালবাহী বাহনৰ বাবে নিৰাপদ আৰু দ্ৰুত সংযোগ মজবুত হ’ব।
বিহাৰৰ মুঙেৰ–জামালপুৰ–ভাগলপুৰ অঞ্চল এতিয়া গুৰুত্বপূৰ্ণ উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। য’ত অস্ত্ৰকাৰখানা, লোকোম’টিভ ৱৰ্কছপ, খাদ্য প্ৰছেসিং ইউনিট আৰু লজিষ্টিক হাব গঢ়ি উঠিছে। ভাগলপুৰ বিশেষকৈ ভাগলপুৰী ৰেচমৰ বাবেই বস্ত্ৰ আৰু লজিষ্টিক কেন্দ্ৰ হিচাপে পৰিচিত, আৰু বাৰাহীয়া অঞ্চল খাদ্য প্ৰছেসিং আৰু এগ্ৰো-ৱেৰহাউচিংৰ বাবে পৰিচিত হৈ উঠিছে।
এই প্ৰকল্প হাইব্ৰিড অ্যানুইটি ম’ডত নিৰ্মাণ কৰা হ’ব। ইয়াত চৰকাৰে ৪০ শতাংশ খৰচ আগতেই বহন কৰিব আৰু বাকী খৰচ কিস্তিত আদায় দিব। আনহাতে কেন্দ্ৰই হাতত লোৱা ৰে’লপথ প্ৰকল্পই ৰে’ল পৰিবহণক অধিক কার্যকৰী, বিশ্বাসযোগ্য আৰু সৰল কৰি তুলিব।
এই ১৭৭ কিলোমিটাৰৰ নতুন ৰে’ল পথে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবঙ্গৰ পাঁচখন জিলাক সামৰি ল’ব। ইয়াৰ জৰিয়তে দেওঘৰ (বাবা বৈদ্যনাথ ধাম) আৰু শক্তি পীঠ আদি গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্যটন স্থাৰ মাজত সৰল যাতায়াত নিশ্চিত কৰিব।
এই প্রকল্পৰ জৰিয়তে প্ৰায় ৪৪১ খন গাঁও আৰু ২.৮৭ লাখ জনসংখ্যা প্ৰত্যক্ষভাৱে উপকৃত হ’ব। কয়লা, চিমেণ্ট, সাৰ, ইটা, পাথৰ আদি সামগ্ৰীৰ পৰিবহণৰ বাবে এই পথ অত্যন্ত প্ৰয়োজনীয়। নতুন আন্তঃগাঁথনি উন্নয়নে বছৰি প্ৰায় ১৫ মিলিয়ন টন মালবাহী পৰিবহণ বৃদ্ধি কৰাৰ আশা কৰা হৈছে।