অষ্টম কেন্দ্রীয় দৰমহা আয়োগৰ কার্যক্ষেত্ৰৰ পৰিসৰত অনুমোদন কেন্দ্ৰৰ

আয়োগে গঠনৰ ১৮ মাহৰ ভিতৰত নিজৰ পৰামৰ্শৱলী আগবঢ়াব। নতুন দিল্লীত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্রচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি এইকথা প্রকাশ কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  কেন্দ্রীয় মন্ত্রীসভাই অষ্টম কেন্দ্রীয় দৰমহা আয়োগৰ কার্যক্ষেত্ৰৰ পৰিসৰত অনুমোদন জনাইছে। আয়োগে গঠনৰ ১৮ মাহৰ ভিতৰত নিজৰ পৰামৰ্শৱলী আগবঢ়াব। নতুন দিল্লীত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্রচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি এইকথা প্রকাশ কৰে। 

তেওঁ কয় যে, আয়োগত এগৰাকী অধ্যক্ষ, এগৰাকী অংশকালীন সদস্য আৰু এগৰাকী সদস্য সচিব থাকিব। মন্ত্রীসভাই লগতে ২০২৫-২৬ ৰবিশসা বৰ্ষৰ বাবে ফছফৰাছ আৰু পটেচিয়ামযুক্ত সাৰৰ পুষ্টিকৰ উপাদান আধাৰিত ৰাজ সাহায্য হাৰত অনুমোদন দিয়ে।

শ্রীবৈষ্ণৱে কয় যে মন্ত্রীসভাই ২০২৫ ৰবিশস্য বর্ষৰ বাবে প্রায় ৩৭হাজাৰ ১৫২ কোটি টকাৰ ৰাজসাহায্য অনুমোদন দিছে। এই দৰসমূহ পহিলা অক্টোবৰৰ পৰা প্রযোজ্য হব। তেওঁ কয় যে, ইয়াৰ ফলত খেতিয়কসকলৰ বাবে ৰাজসাহায্যযুক্ত বহনক্ষম আৰু উচিত মূল্য সাৰৰ উপলব্ধতা নিশ্চিত হ'ব।

অশ্বিনী বৈষ্ণৱ