এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক

কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই।এতিয়াৰে পৰা কেৰালাক কেৰালাম নামেৰে জনা যাব ৷ 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-25 at 3.59.15 PM (1)

ডিজিটেল ডেস্কঃ কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই।এতিয়াৰে পৰা কেৰালাক কেৰালাম নামেৰে জনা যাব ৷ Union Cabinet approves renaming Kerala as 'Keralam'

মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে কেৰালাৰ নাম সলনি কৰি “কেৰালাম” কৰাত অনুমোদন জনাইছিল। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰি কয় যে- ভাষাৰ আধাৰত ৰাজ্যখন সৃষ্টি হোৱাৰ পৰাই কেৰালাৰ নাম কেৰালাম ৰখাৰ দাবী উত্থাপন হৈ আহিছে। কেবিনেটে এই দাবীত অনুমোদন জনাইছে। চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ২৪ জুনত কেৰালাৰ বিধানসভাত সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ নাম সলনিৰ প্ৰস্তাৱ গৃহীত হৈছিল। সেই প্ৰস্তাৱ অনুসৰি কেৰালাৰ নতুন নাম কেৰালাম কৰাৰ কথা কোৱা হয়। কিছুদিনৰ ভিতৰতে কেৰালা বিধানসভা নিৰ্বাচনৰ ভোটদানৰ তাৰিখ ঘোষণা হ'ব। তাৰ পূৰ্বে ৰাজ্যখনৰ নাম সলনি কৰাৰ এই প্ৰস্তাৱ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাটো নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। এই প্ৰস্তাৱ উত্থাপন কৰা কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে বিচাৰিছিল যে কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত সকলো ভাষাতে দক্ষিণৰ ৰাজ্যখনৰ নাম কেৰালাৰ পৰা কেৰালামলৈ সলনি কৰিবলৈ।

WhatsApp Image 2026-02-25 at 3.54.30 PM

 ইপিনে এই প্ৰস্তাৱ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্যখনক মালয়ালম ভাষাত ‘কেৰালাম’ বুলি কোৱা হয় আৰু মালয়ালমভাষী জনগোষ্ঠীসমূহৰ বাবে এক ঐক্যবদ্ধ কেৰালা গঠনৰ দাবী জাতীয় স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই শক্তিশালীভাৱে উত্থাপন হৈছে ।

কেৰালা