/asomiyapratidin/media/media_files/2026/02/01/30dcb480-8d02-4c79-853c-997edb24fb52-2026-02-01-09-37-03.jpg)
ডিজিটেল ডেস্কঃ আজি সদনত দাখিল কৰা হব দেশৰ সাধাৰণ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিব এই বাজেট। উল্লেখনীয় কথাটো হৈছে যে, ইতিহাসত দ্বিতীয় বাৰৰ বাবে দেওবাৰৰ দিনটোত দাখিল হ'ব বাজেট। দিনৰ ১১বজাত নিৰ্মালা সীতাৰমণে দাখিল কৰি বাজেট।
পুৱা ৯ বজাত বাজেটৰ প্রতিলিপি প্রেৰণ কৰা হৈছে ৰাষ্ট্রপতিলৈ। ইয়াৰ পিছত ১০.৩০ বজাত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাব বাজেটত। কেবিনেটৰ অনুমোদনৰ পিছতে দিনৰ ১১ বজাত সদনত দাখিল কৰিব বাজেট। আজি বাজেটৰ বাবে খোলা থাকিব শ্বেয়াৰ বজাৰ।
- Feb 01, 2026 12:34 IST
কাপোৰ, জোতাৰ দাম কমিব! হ্ৰাস পাব কৰ্কট ৰোগৰ ১৭বিধ ঔষধৰ দাম...
কাপোৰ, জোতাৰ দাম কমিব! হ্ৰাস পাব কৰ্কট ৰোগৰ ১৭বিধ ঔষধৰ দাম...
- উত্তৰ পূবৰ মঠ-মন্দিৰ সমূহ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব।
- নতুন আয়কৰ নিয়ম ১ এপ্ৰিল, ২০২৬ৰ পৰা প্ৰযোজ্য হ'ব দেশত।
- দুৰ্ঘটনাজনিত ক্ষতিপূৰণৰ ধনৰাশি কৰশূণ্য কৰাৰ কথা ঘোষণা বাজেটত।
- বিদেশ যাত্ৰাৰ বাবে লোৱা কৰ ৫শতাংশলৈ হ্ৰাস কৰাৰ কথাও ঘোষণা বাজেটত।
- বিদেশী কোম্পানীয়ে ভাৰতত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিলে ২০৪৭চনৰ লৈ কৰ শূণ্য সুবিধা প্ৰদান কৰিব ভাৰত চৰকাৰে।
- সৌৰশক্তিৰ সামগ্ৰীৰ দাম হ্ৰাস পাব। চামৰাৰ সামগ্ৰী আৰু কাপোৰৰ দামো হ্ৰাস পাব।
- বেটেৰী, মাইক্ৰৱেভ অভেনৰ লগতে কৰ্কট ৰোগৰ ১৭বিধ ঔষধৰ দাম হ্ৰাস পাব।
- ৭টা দুৰাৰোগ্য ৰোগৰ ঔষধৰ দামো হ্ৰাস কৰাৰ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ।
- Feb 01, 2026 12:17 IST
২০২৬ৰ পৰা নতুন আয়কৰ আইন
দিব্যাংগসকলৰ বাবে সহায়ক আঁচনিৰ প্ৰস্তাৱ
২০২৬ৰ পৰা নতুন আয়কৰ আইন
আয়কৰ পৰিশোধ এতিয়াৰে পৰা হ’ব সহজসাধ্য
আয়কৰ প্ৰদানৰ শেষ তাৰিখ ৩১ জুলাই
দুৰ্ঘটনাজনিত ক্ষতিপূৰণৰ ধনৰাশি হ’ব কৰশূন্য - Feb 01, 2026 11:59 IST
তেজপুৰলৈ ভাল খবৰ! বাজেটত অসমলৈ প্ৰথমটো উপহাৰ...
তেজপুৰলৈ ভাল খবৰ! বাজেটত অসমলৈ প্ৰথমটো উপহাৰ...
- খেল আৰু খেলুৱৈৰ বিকাশৰ বাবে কাম কৰা হ'ব আগন্তুক ৫বছৰত।
- নাৰিকল, কাজু, চন্দন উতপাদনৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ'ব।
- লাখপতি বাইদেউ আঁচনি আমাৰ যথেষ্ট সফল হৈছে। আত্মনিৰ্ভৰ হৈছে মহিলাসকল।
- ১৫টা পুৰাতাত্বিক স্থলৰ বিকাশৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।
- দিব্যাংগ সহায়ক যোজনাৰ বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰা হ'ব।
- বাজেটত অসমলৈ প্ৰথমটো উপহাৰ। তেজপুৰৰ মানসিক স্বাস্থ্য উন্নয়ন কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নত কৰা হ'ব।
- উত্তৰ-পূবৰ ৫ৰাজ্যত স্থাপন কৰা হ'ব ৫টা অত্যাধুনিক পৰ্যটন কেন্দ্ৰ।
- উত্তৰ-পূবৰ বাবে ৪হাজাৰ ইলেক্টিক বাছৰ উপহাৰ দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে বিশেষ আঁচনি প্ৰস্তুত।
- Feb 01, 2026 11:37 IST
কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ দাম কমিব...
কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ দাম কমিব...
- আত্মনিৰ্ভৰ ভাৰত প্ৰকল্পৰ বাবে ২হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। বিত্তমন্ত্ৰীয়ে লগতে কয় যে, এইখন হৈছে যুৱশক্তিৰ বাজেট। নতুন চাকৰি সৃষ্টিৰ বাবে আগন্তুক ৫বছৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব।
- ভাৰতৰ বেংকিং চেক্টৰৰ বাবে এখন বিশেষ কমিটি গঠন কৰা হ'ব বুলিও ঘোষণা বিত্তমন্ত্ৰীৰ।
- নগৰীয় বিকাশৰ বাবে ৫হাজাৰ কোটি টকা আগন্তুক ৫বছৰৰ বাবে ধাৰ্য কৰা হৈছে বাজেটত।
- আগন্তুক সময়ত কেন্সাৰ আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পোৱাৰ কথাও ঘোষণা কৰিলে বিত্তমন্ত্ৰীয়ে।
- ২০টা নতুন জল পথ সৃষ্টিৰ জৰিয়তে জল পৰিবহন ব্যৱস্থাক উন্নত কৰা হ'ব।
- ২২কোটি লোকক দৰিদ্ৰ সীমা ৰেখাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰঃ বিত্তমন্ত্ৰী।
- ৭টা হাইস্পীড ৰেলপথ নিৰ্মাণৰ কথাও ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
- ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা পোনপতীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব চৰকাৰে।
- Feb 01, 2026 11:30 IST
বাজেট ভাষণৰ প্ৰাৰম্ভণিতে কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
- বাজেট ভাষণৰ প্ৰাৰম্ভণিতে কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
- ভাষণৰ প্ৰাৰম্ভণিতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
- বিশ্বস্তৰীয় সুবিধা দেশবাসীয়ে উপভোগ কৰিব পৰাকৈ আমি বাজেট দাখিল কৰি আহিছো।
- দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰি আহিছো। চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
- বিগত ১২বছৰে আমাৰ দেশ আৰ্থিক বিকাশৰ অনিৰুদ্ধ গতিত আগবাঢ়িছে।
- দেশত যাতে বিনিয়োগ বৃদ্ধি পায় তাৰ বাবে চৰকাৰে প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে।
- প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে যথেষ্ট চিন্তা-ভাৱনা কৰি ভিন্ন নীতি গ্ৰহণ কৰিছে।
- জনতাৰ আশা-আকাংক্ষা পূৰণৰ লগতে সকলো সম বিকাশক আমি কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো।
- প্ৰতিটো শ্ৰেণীৰ লোকৰ বিকাশ সাধন কৰাতো আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো।
- আমি বিচাৰিছো যে দেশৰ ক্ষুদ্ৰ উদ্যোগবোৰ আৰু অধিক মজবুত হওঁক।
- আমি সামগ্ৰী প্ৰস্তুতকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশ্বৰ বজাৰত আমি সবল খোজ থব লাগিব।
- বায় ফাৰ্মাৰ চেক্টৰৰ বাবে অহা ৫বছৰৰ বাবে ১০হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে।
- ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে নিৰ্ধাৰিত ধনৰ পৰিমাণ দুগুণ কৰা হৈছে। অহা ৫বছৰৰ বাবে ৪০ হাজাৰ কোটি টকা অতিৰিক্তকৈ ধাৰ্য কৰা হৈছে।
- জি এছ টি প্ৰক্ৰিয়া সৰল কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে।
- এ আইৰ ওপৰত আমি অনাগত সময়ত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে চেষ্টা কৰিব ভাৰতে।
- প্ৰতিখন চহৰত নতুনক অৰ্থনৈতিক জ'ন সৃষ্টি কৰা হ'ব।
- দেশৰ ৪খন ৰাজ্যত নিৰ্মাণ কৰা হ'ব খনিজ পদাৰ্থৰ কৰিডৰ।
- ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৫বছৰত ১০হাজাৰ কোটি টকা ধাৰ্য।
- জৈৱিক ঔষধ প্ৰস্তুতকৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব।
- Feb 01, 2026 11:29 IST
কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বাজেটত
কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বাজেটত।
নগৰীয়া বিকাশৰ বাবে ৫ হাজাৰ কোটিৰ প্ৰস্তাৱ।
ওড়িশা, তামিলনাডুত হ'ব খনি ক'ৰিডৰ।
অন্ধ্ৰপ্ৰদেশ, কেৰালাতো হ'ব খনি ক'ৰিডৰ।
নিৰ্মাণ ক্ষেত্ৰত গুৰুত্ব আৰোপ।
চহৰত নতুন ইক'নমিক জ'নৰ প্ৰস্তাৱ।
- Feb 01, 2026 11:23 IST
ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ধাৰ্য কৰিছে ১০ হাজাৰ কোটি টকা
- বাজেটত ছেমিকণ্ডাক্টৰ ২.০ৰ ওপৰত গুৰুত্ব।
- বায়’ফাৰ্মাৰ ওপৰতো দিছে বিশেষ গুৰুত্ব।
- নিয়োগ, নিৰ্মাণ আৰু ঔদ্যোগিক খণ্ডৰ বিকাশত গুৰুত্ব।
- টেক্সটাইল উন্নয়নত অগ্ৰাধিকাৰ।
- এম এছ এম ইৰ বাবে ভাল খবৰ।
- আগন্তুক ৫ বছৰৰ বাবে ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ধাৰ্য কৰিছে ১০ হাজাৰ কোটি টকা।
- Feb 01, 2026 11:10 IST
বিত্তমন্ত্ৰীয়ে বাজেট ভাষণৰ আৰম্ভণিতে কি কি ক'লে...
বিত্তমন্ত্ৰীয়ে বাজেট ভাষণৰ আৰম্ভণিতে কি কি ক'লেঃ বিশ্বস্তৰীয় সুবিধা দেশবাসীয়ে উপভোগ কৰিব পৰাকৈ আমি বাজেট দাখিল কৰি আহিছো। দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰি আহিছো। চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত ১২বছৰে আমাৰ দেশ আৰ্থিক বিকাশৰ অনিৰুদ্ধ গতিত আগবাঢ়িছে। দেশত যাতে বিনিয়োগ বৃদ্ধি পায় তাৰ বাবে চৰকাৰে প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে যথেষ্ট চিন্তা-ভাৱনা কৰি ভিন্ন নীতি গ্ৰহণ কৰিছে। জনতাৰ আশা-আকাংক্ষা পূৰণৰ লগতে সকলো সম বিকাশক আমি কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো। প্ৰতিটো শ্ৰেণীৰ লোকৰ বিকাশ সাধন কৰাতো আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো।
- Feb 01, 2026 11:04 IST
সদনত বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ..
ধাৰাবাহিকভাৱে নৱমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল নিৰ্মলা সীতাৰমণৰ। আৰম্ভ কৰিলে বাজেট ভাষণ।
- Feb 01, 2026 10:46 IST
বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত বিত্তমন্ত্ৰীক মিঠাই খোৱাই শুভেচ্ছা দিলে ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মুয়ে
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/2d868d19-295e-4b6f-a066-e6bfe95ecad7-2026-02-01-10-46-44.jpg)
- Feb 01, 2026 10:43 IST
বাজেটত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন...
২০২৬-২৭বৰ্ষৰ দেশৰ সাধাৰণ বাজেটক অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই বৈঠক।
- Feb 01, 2026 10:25 IST
আত্ননিৰ্ভৰ ভাৰতৰ বাবে এই বাজেটঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত গুৰুত্ব দি এই বাজেট হব। আমি অতিকৈ আশাবাদী।
- Feb 01, 2026 10:24 IST
বাজেটৰ পৰা আমাৰ কোনো আশা নাইঃ প্ৰিয়ংকা গান্ধী
সংসদ ভৱনত উপস্থিত হৈ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। তেওঁ কয় যে, এই বাজেটৰ পৰা আমাৰ কোনো আশা নাই।
- Feb 01, 2026 10:09 IST
সংসদ ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী...
বাজেট দাখিল পৰ্বত অংশ ল'বলৈ সংসদ ভৱনত উপস্থিত প্ৰধানমন্ত্ৰী। কিছু সময়ৰ পিছতে বাজেটক লৈ অনুষ্ঠিত হ'ব কেবিনেটৰ বৈঠক।
- Feb 01, 2026 09:40 IST
ৰাষ্ট্ৰপতি ভৱনত বিত্তমন্ত্ৰী...
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰী কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ প্ৰতিলিপি লৈ উপস্থিত ৰাষ্ট্ৰপতি ভৱনত। সাক্ষাত কৰিব দ্ৰৌপদী মুৰ্মুক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us