/asomiyapratidin/media/media_files/2025/03/19/6cLWOccmJiEsZ16n5jEs.jpg)
ডিজিটেল ডেস্কঃ ইউনিয়ন কৰ্পাৰেটিভ বেংক প্ৰকৃততে বেংক নহয়। দৰাচলতে এয়া এখন থ্ৰিফ্ট এণ্ড ক্ৰেডিট কৰ্পাৰেটিভ চ'ছাইটি লিমিটেডহে। যদিও তেওঁলোকে এই প্ৰতিষ্ঠানটোৰ নামৰ সৈতে বেংক শব্দটো ব্যৱহাৰ কৰি আহিছে, সেই বেংক পৰিচয় তেওঁলোকে দিব নোৱাৰে।
বেংকৰ লাইচেন্স বাতিল হোৱাৰ পাছতো বেংকৰ নামত ইউনিয়ন কৰ্পাৰটিভ চ'ছাইটিয়ে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰি আছে কোটি কোটি টকা। যিকোনো মুহূৰ্ততে গ্ৰাহকৰ সেই ধন আত্মসাত কৰি পলায়ন কৰিব পাৰে এই কৰ্পাৰটিভ চ'ছাইটি। তেতিয়া কিন্তু গ্ৰাহকৰ ধনৰ গেৰেন্টি নলয় ৰিজাৰ্ভ বেংকে।
২৭ জানুৱাৰী ২০২৫ তে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালকলৈ এখন পত্ৰ লিখি এই নিৰ্দেশনা জাৰী কৰিছিল কৰ্পাৰেটিভ চ'ছাইটিচ অৱ আসামৰ পঞ্জীয়ক নাৰায়ণ কোঁৱৰে। পত্ৰ নং eCF.346615/30 ত উল্লেখ কৰা মতে, ৰিজল্যোচন নম্বৰ 9(i) ৰ কথা উল্লেখ কৰি ইউনিয়ন থ্ৰিফ্ট এণ্ড ক্ৰেডিট কৰ্পাৰেটিভ চ'ছাইটিক বেংক নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে।
বাৰ্ষিক সাধাৰণ সভাৰ লোৱা প্ৰস্তাৱ আৰু ১১.৯.২০২৪ ত দিয়া অনুমোদনৰ প্ৰমাণ পত্ৰত এই কথা উল্লেখ কৰা হৈছিল। কিন্তু প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ লেটাৰ পেত আৰু আন স্থানত ইউনিয়ন কৰ্পাৰেটিভ বেংক লিমিটেড হিচাপে নিজৰ পৰিচয় দাঙি ধৰাত এই সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছিল পত্ৰখনত।
পত্ৰখনত লগতে এই প্ৰতিষ্ঠানটোৱে ছপা কৰা ২০২৫ বৰ্ষৰ কেলেণ্ডাৰত বেংক শব্দটো ব্যৱহাৰ কৰা কথাও বিশেষভাৱে উল্লেখ কৰিছিল। ইউনিয়ন কৰ্পাৰেটিভ বেংক লিমিটেডৰ পৰা ইউনিয়ন থ্ৰিফ্ট এণ্ড ক্ৰেডিট কৰ্পাৰেটিভ চ'ছাইটিলৈ নাম সলনি কৰা পাছত বাৰে বাৰে বেংক হিচাপে তেওঁলোকে প্ৰতিষ্ঠানটোৰ নাম ব্যৱহাৰ কৰাত গৃহীত ব্যৱস্থা ল'ব বুলিও পত্ৰখনত সকিয়াই দিয়া হৈছিল।
উল্লেখযোগ্য যে, ৰেজিষ্টাৰ অৱ কৰ্পাৰেটিভ চ'ছাইটি অসমে ইয়াৰ পূৰ্বে ৪.১.২০২৪ ত এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাটো উল্লেখ কৰা হৈছিল যে ৰিজাৰ্ভ বেংকে ইউনিয়ন কৰ্পাৰেটিভ বেংক লিমিটেডৰ বেংকিং লাইসেন্স বাতিল কৰিছে আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা এক গোচৰো ন্যায়ালয়ে খাৰিজ কৰি দিছিল।
সেয়েহে এই জাননী জাৰি কৰা ৭ দিনৰ ভিতৰত বেংকৰ নাম প্ৰত্যাহাৰ কৰি ইয়াক নতুন নামৰে নামাকৰণ কৰিবলৈ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল। তাৰ পাছতো ইউনিয়ন কৰ্পাৰেটিভ বেংকে এই নামেৰ উক্ত বিত্তীয় প্ৰতিষ্ঠান পৰিচালনা কৰা বিষয়টোৱে ইয়াত ধন সঞ্চয় কৰা গ্ৰাহক সকলৰ সঞ্চিত পুঁজিক লৈ এক অনিশ্চয়তা কঢ়িয়াই আনিছে।