গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ বাবে ইউনিফাইড কাৰাটে গীল্ডৰ ১০৬ জনীয়া দল ঘোষণা

"পঞ্চম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ ২০২৫’’ ৰ বাবে ঘোষণা কৰা হৈছে ইউনিফাইড কাৰাটা গীল্ডৰ খেলুৱৈৰ দলটো। জানিবলৈ দিয়া মতে ক্লাবটোৱে ঘোষণা কৰিছে ১০৬ জনীয়া দল।

author-image
Tushar Pratim
New Update
গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ বাবে ইউনিফাইড কাৰাটে গীল্ডৰ ১০৬ জনীয়া দল ঘোষণা

ডিজিটেল ডেস্কঃ "পঞ্চম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ ২০২৫’’ ৰ বাবে ঘোষণা কৰা হৈছে ইউনিফাইড কাৰাটা গীল্ডৰ খেলুৱৈৰ দলটো। ছাব-জুনিয়ৰ ,কেডেট,জুনিয়ৰ, ২১ অনুৰ্ধ আৰু ছিনিয়ৰ শাখৰ বাবে বাবে ১০৬ গৰাকী খেলুৱৈৰ নাম ঘোষণা কৰিছে ক্লাবটোৱে।

Advertisment

আনহাতে ঘোষিত দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে আদৰ্শ চৌধুৰীয়ে। তেওঁ পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো ক্লাবটোৱে ৰেকৰ্ড সংখ্যক পদক লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। 

গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ বাবে ইউনিফাইড কাৰাটে গীল্ডৰ ১০৬ জনীয়া দল ঘোষণা

উল্লেখ্য যে, গুৱাহাটী কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা ক্লাবসমূহৰ ভিতৰত ইউনিফাইড কাৰাটে গীল্ডে প্ৰতিবাৰেই ঈৰ্ষণীয় সফলতা অৰ্জন কৰি আহিছে। সেই ধাৰাবাহিকতা এইবাৰো অক্ষুন্ন ৰাখিব পাৰিব বুলিয়েই বিশ্বাস ৰাখিছে ক্লাবৰ প্ৰশিক্ষকসকলেও। 

স্মৰ্তব্য, শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডি টি আৰ পি ইনডৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব "পঞ্চম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপ ২০২৫’’। সদৌ অসম কাৰাটে সন্থাৰ অধীনত তথা গুৱাহাটী কাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব গুৱাহাটীৰ ৪৯ টা ক্লাবৰ ১৫০০ গৰাকী খেলুৱৈ আৰু টেকনিকেল অফিচিয়েলে। 

গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ বাবে ইউনিফাইড কাৰাটে গীল্ডৰ ১০৬ জনীয়া দল ঘোষণা

প্ৰতিযোগিতাখন ছাব-জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ অনুৰ্ধ আৰু ছিনিয়ৰ শাখত অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক জ'নেল আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে খেলুৱৈক কৰা হ'ব বাচনি।

কাৰাটে কাৰাটে প্ৰতিযোগিতা কাৰাটে চেম্পিয়নশ্বিপ