/asomiyapratidin/media/media_files/2025/10/19/breaking-news-2025-10-19-21-56-11.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মৰিগাঁও জিলাৰ শিলপুখুৰী গাঁৱত ৰহস্যজনকভাৱে বুধবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰ হয়। ধিং জাজৰি সংযোগী ৰাজপথৰ দাঁতিত থকা গাঁও খনৰ এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এই মৃতদেহটো।
স্থানীয় ৰাইজে মৃতদেটো প্ৰতক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। নিজ শিলপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা পুখুৰীত পৰৱৰ্তী কালত আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ মৃতদেটো উদ্ধাৰ কৰে।
উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই। ৰাইজৰ সন্দেহ কোনো লোকে হত্যা কৰি পুখুৰীত পেলাই থৈ যোৱাৰ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ৰহস্য। ইফালে মৃতদেহটো উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁওলৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us