/asomiyapratidin/media/media_files/2025/08/18/113-2025-08-18-20-22-06.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়া : বিহপুৰীয়া নগৰত সোমবাৰে বিয়লি এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ চিচাপথাৰ ডিক্ৰং দলঙৰ কাষত উদ্ধাৰ হোৱা মৃতদেহটো ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজস্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
ৰঙা স্প’ৰ্টিং পৰিহিত প্ৰায় ২৫ বছৰীয়া যুৱকৰ মৃতদেহটি বাতৰি লিখা পৰ্যন্ত চিনাক্ত হোৱা নাই ৷ দেহত কোনোধৰণৰ আঘাতৰ চিন নথকালৈ চায় সংখ্যালঘু সম্প্ৰদায়ৰ বুলি সন্দেহ কৰা যুৱকজনৰ মৃত্যু অত্যাধিক পৰিমাণে ড্ৰাগছ সেৱন অথৱা মৃগী ৰোগৰ বাবে হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।