/asomiyapratidin/media/media_files/2025/09/04/ujjj-2025-09-04-09-57-59.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অহা ২২ছেপ্টেম্বৰৰ পৰা দেশত প্ৰযোজ্য হ'ব নতুন জি এছ টি। বৰ্তমান দেশত বলৱৎ হৈ থকা বহুতৰপীয়া জি এছ টি ব্যৱস্থাৰ ব্যাপক সালসলনিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।
দুদিনীয়া জি এছ টি বৈঠকৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশত এতিয়াৰে পৰৰা দুই তৰপীয়া ৫শতাংশ আৰু ১৮শতাংশ কৰ স্তৰৰ কথা ঘোষণা কৰে। লগতে এই নতুন জি এছ টি ব্যৱস্থাত জীৱন দায়িনী ঔষধক জি এছ টি ব্যৱস্থাৰ পৰা ৰেহাই প্ৰদান কৰা হৈছে।
নতুন জি এছ টি ব্যৱস্থাত বিলাসী সামগ্ৰী আৰু ধপাতযুক্ত সামগ্ৰীত ৪০শতাংশ পৰ্যন্ত কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰা হৈছে। ৪০শতাংশ কৰ আৰোপ কৰা সামগ্ৰী সমূহ হৈছে- পাণ-মচলা, চিগাৰেট, গুটখা, অন্য ধপাত জাতীয় সামগ্ৰী, চিগাৰ, কফি, অনলাইন গেমৰ সামগ্ৰী, শীতল পানীয়ৰ দৰে সামগ্ৰী।
নতুন এই ৪০শতাংশ কৰ আৰোপ ব্যৱস্থাই গুটখা আৰু চিগাৰেট খোৱা লোকসকলক বিশেষভাৱে প্ৰভাৱ পেলাব। এতিয়া যি পেকেট চিগাৰেট ২৫৬টকাত ক্ৰয় কৰে, সেই পেকেট চিগাৰেটৰ দাম হ'বগৈ ২৮০টকা।প্ৰায় ২৪টকা দাম বৃদ্ধি হব প্ৰতিপেকেট চিগাৰেটত। ঠিক তেনেকৈ গুটখা পেকেটৰ দামো বৃদ্ধি পাব অহা ২২ছেপ্টেম্বৰৰ পৰা।