
২৬ ফেব্ৰুৱাৰী ২০২১ত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ। সেই দিনটোৰ পৰা প্ৰতিটো দিনৰ সকলো নিৰ্বাচনৰ খবৰ একেলগে পাব ইয়াত…
শেহতীয়া তথ্যৰ বাবে REFRESH কৰক
পুৱাই ৰঞ্জিত দাসৰ বাসগৃহত গুৰুত্বপূৰ্ণ সভা
আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিজেপি আৰুঅ অগপ নেতৃত্বৰ মাজত অনুষ্ঠিত হৈছে এক গুৰুত্বপূৰ্ণ বৈঠক। বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত সোমবাৰে পুৱা আয়োজন কৰা এই বৈঠকত কোন কোন সমষ্টিৰ পৰা কোন দলৰ প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা কৰিব এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হব।
পুৱাই এই বৈঠকত ভাগ লবলৈ ৰঞ্জিত দাসৰ বাসগৃহত উপস্থিত হয়গৈ অগপ নেতৃত্ব। এই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যও উপস্থিত আছে। হিমন্ত বিশ্ব শৰ্মাইও এই বৈঠকত অংশ লৈছে। উল্লেখ্য যে, অগপ নেতৃত্বই দেওবাৰে নিশা দলীয় নেতৃত্বক লৈ আন এক বৈঠকত মিলিত হৈছিল।
ৰাজ্যৰ নিৰ্বাচনৰ আচৰণ বিধি তদাৰকৰ দায়িত্বত বিনোদ চেচান
নিৰ্বাচনৰ আচৰণ বিধি তদাৰকৰ দায়িত্বত আছে বিনোদ চেচান।প্ৰশিক্ষণৰ দায়িত্বত আছে দেৱ মিশ্ৰ।নিৰ্বাচনী ব্যয় নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে পৰ্যবেক্ষক।প্ৰতিজন প্ৰাৰ্থীয়ে জমা দিব লাগিব নিৰ্বাচনী ব্যয়ৰ খতিয়ান।সুৰাৰ অপব্যৱহাৰৰ বিৰুদ্ধে ত্বৰান্বিত কৰা হ'ব নিৰীক্ষণ ব্যৱস্থা।আয়কৰ বিভাগ, ডি আৰ আইকে ধৰি বিভিন্ন সংস্থাই নিৰীক্ষণ কৰিব নগদ ধনৰ অপব্যৱহাৰ। এই কথা জানিব দিয়ে নিৰ্বাচন আয়োগৰ চিইঅ' নীতিন খাড়ে ।
আনহাতে নিৰ্বাচনৰ আচৰণ বিধি তদাৰকৰ দায়িত্ব থকা বিনোদ চেচানে কয় যে প্ৰতিটো সমষ্টিতে তিনিটাকৈ ফ্লাইং স্কোৱাড থাকিব।সুৰা, নগদ ধনৰ বিৰুদ্ধে অভিযান চলাব ফ্লাইং স্কোৱাডে। আৰপি এক্টৰ ১২৭ নম্বৰ অনুসৰি প্ৰকাশ নকৰা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।হোৰ্ডিঙত প্ৰিণ্টাৰৰ নাম থকাটো বাধ্যতামূলক।
সৰ্বাধিক প্ৰাৰ্থীয়ে নিৰ্বাচনত ব্যয় কৰিব পাৰিব ৩০লাখ ৮০হাজাৰ টকা
ৰাজ্যৰ বিধান সভাৰ দিন নিৰ্বাচন আয়োগে ঘোষণাৰ পিছতে তৎপৰ হৈ পৰিছে নিৰ্বাচন আয়োগ ।বিধানসভা নিৰ্বাচন সন্দৰ্ভত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । খানাপাৰাত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভিন্ন ৰাজনৈতিক দল, সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ ওপৰত চোকা দৃষ্টি থাকিব নিৰ্বাচন আয়োগে। এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩০ লাখ ৮০ হাজাৰ টকা ব্যয় কৰিব পাৰিব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে তিনিখন ৰেজিষ্টেৰ থাকিব লাগিব।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰিয়ংকা গান্ধী
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সোমবাৰে পুৱাই আহি বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয়। বিমান বন্দৰত প্ৰিয়ংকা গান্ধীক কংগ্ৰেছ নেতৃত্বই উষ্ম আদৰণি জনায়। লখিমপুৰ আৰু গহপুৰ, বিশ্বনাথত কেইবাটাও কাৰ্যসূচীত অংশ লব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
অসমত দুদিন প্ৰিয়ংকাঃ ক'ত, কি অনুষ্ঠান…
১মাৰ্চ, ২০২১
১মাৰ্চ, পুৱা ৬.৩০বজাতঃ দিল্লীৰ পৰা গুৱাহাটীৰ অভিমুখে ৰাওনা
১মাৰ্চ, পুৱা ৮.৩০বজাতঃ বৰঝাৰ বিমান বন্দৰত উপস্থিত।
১মাৰ্চ, পুৱা ৯.১৫বজাতঃ কামাখ্যা মন্দিৰ দৰ্শন
১মাৰ্চ, পুৱা ৯.৪৫বজাতঃ কামাখ্যা মন্দিৰৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ ৰাওনা
১মাৰ্চ, পুৱা ১০.৩০বজাতঃ লখিমপুৰ অভিমুখে ৰাওনা
১মাৰ্চ, পুৱা ১১.১০ বজাতঃ লীলাবাৰী বিমান বন্দৰত অৱতৰণ
১মাৰ্চ, পুৱা ১১.১০-১১.৩০ বজাতঃ সোণাৰি গাওঁ পঞ্চায়ত ভ্ৰমণ
১মাৰ্চ, দিনৰ ১২.৩০ বজাতঃ কংগ্ৰেছৰ কৰ্মকতা আৰু জ্যেষ্ঠ নেতাৰ সৈতে সভা। এই সভা অনুষ্ঠিত হব উত্তৰ লখিমপুৰ খেলপথাৰত।
১মাৰ্চ, দিনৰ ৩.০০-৩.৫০ বজাতঃ উপস্থিত হবগৈ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত।
১মাৰ্চ, দিনৰ ৩.৩০ৰ পৰা বিয়লি ৫.০০ বজাতঃ গহপুৰত উপস্থিত হৈ কনকলতা বৰুৱা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আন অনুষ্ঠান। চাহ বাগানৰ শ্ৰমিকৰ সৈতেও বাৰ্তালাপ।
১মাৰ্চ, সন্ধিয়া ৬.৩০ বজাতঃ উপস্থিত হবগৈ বিশ্বনাথ চাৰিআলিত।
২মাৰ্চ, ২০২১
নিশা পাৱাৰ গ্ৰীডৰ গেষ্ট হাউচত কটাব প্ৰিয়ংকা গান্ধীয়ে। দ্বিতীয় দিনাৰ উল্লেখযোগ্য কাৰ্যসূচীসমূহ হ'ল-
২মাৰ্চ, পুৱা ৮.৪৫ বজাতঃ গেষ্ট হাউচৰ পৰা ৰাওনা ছাধাৰু চাহ বাগানৰ অভিমুখে।
২মাৰ্চ, পুৱা ৯.০০- ৯.৪৫ বজাতঃ বিশ্বনাথৰ চাধাৰু চাহবাগান পৰিদৰ্শন। চাহ শ্ৰমিক আৰু মহিলাসকলৰ সৈতে বাৰ্তালাপ।
২মাৰ্চ, পুৱা ১০.০০ বজাতঃ তেজপুৰ অভিমুখে গাড়ীৰে যাত্ৰা
২মাৰ্চ, পুৱা ১১.৩০-১২.৩০ বজাতঃ মহাভৈৰৱ মন্দিৰ দৰ্শন
২মাৰ্চ, দিনৰ ১.০০-২.৩০ বজাতঃ তেজপুৰৰ মেগা ৰেলীত অংশগ্ৰহণ
২মাৰ্চ, দিনৰ ৩.০০ বজাতঃ তেজপুৰ বিমান বন্দৰৰ পৰা দিল্লী অভিমুখে উভতনি যাত্ৰা
দিনটোৰ উল্লেখযোগ্য ৰাজনৈতিক পৰিক্ৰমা
লুৰীণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে নলবাৰী জিলাত সংঘটিত হল প্ৰথমতো নিৰ্বাচনী হিংসাত্মক ঘটনা। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগ এলেকাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ কনভয়ত আক্ৰমণ কৰে ২০-২৫জনীয়া এটা যুৱকৰ দলে।
বিজেপি সদস্য-সমৰ্থক বুলি সন্দেহ কৰা এই দলটোৱে বৰবাগৰ কালাক দৌলৰ প্ৰাঙ্গনত মটৰ চাইকেলেৰে আহি লুৰীণজ্যোতি গগৈ কনভয়ক আগভেটি ধৰে। অভিযো অনুসৰি এই দলটোৱে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ গাড়ীখন আগভেটি ধৰি আক্ৰমণ চলায়।
অসম জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক জীয়াউৰ ৰহমানে অভিযোগ কৰা মতে, বিজেপি বৰভাগ পঞ্চায়তৰ সভাপতি মিন্টু কলিতাৰ নেতৃত্বত এই আক্ৰমণ চলিছিল। এই আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জাতীয় পৰিষদৰ প্ৰতীক জাহাজ
নিৰ্বাচন আয়োগত পঞ্জীভূত হল অসম জাতীয় পৰিষদ। দলটোৱে জাহাজ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব বুলি গুৱাহাটীৰ প্ৰাগ কন্টিনেন্টেলত আয়োজিত এক সংবাদমেলত ঘোষণা কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে। ২৫ ফেব্ৰুৱাৰীত নিৰ্বাচনী আয়োগে ৫৬/১৬১/২০২০-২০২১/পি পি এছ-১ নম্বৰত পঞ্জীভূত হৈছে। দলটোক প্ৰদান কৰা হৈছে জাহাজ প্ৰতীক চিহ্ন।
মন কী বাতত অসম
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আকাশবাণী যোগে দেশবাসীক সম্বোধন কৰা মন কী বাত অনুষ্ঠান অসমময় হৈ পৰিল। অসমৰ জল সংৰক্ষণ. প্ৰকৃতি সুৰক্ষাত লোৱা ভূমিকাক প্ৰশংসা কৰে মোডীয়ে। তেওঁৰ ভাষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে প্ৰকৃতি সুৰক্ষাত অসমৰ মন্দিৰ সমূহে গ্ৰহণ কৰা ভূমিকাৰ কথাও উল্লেখ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ১১২বিধ প্ৰজাতিৰ চৰাই আছে বুলি উল্লেখ কৰি মোডীয়ে কয়, কাজিৰঙা উদ্যান আৰু বাঘ সংৰক্ষণ কৰ্তৃপক্ষই তিনি সপ্তাহৰ পূৰ্বে উদ্যান খনৰ জলচৰ চৰাইৰ সংখ্যা গণনা কৰিছিল। তেওঁ কয়, ১৭৫শতাংশ বৃদ্ধি হৈছে কাজিৰঙাচ জলচৰ পক্ষীৰ সংখ্যা।
প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত অৰণ্য মানৱ খ্যাত যাদৱ পায়েঙৰ প্ৰসংগইও তেওঁৰ মন কী বাতত স্থান লাভ কৰে। অসমৰ মন্দিৰ সমূহৰ প্ৰাকৃতিক সুৰক্ষালৈ অৱদান থকা বুলিও কয় মোডীয়ে। ৰাজ্যখনৰ সকলো মন্দিৰতে একোটাকৈ হলেও বৃহত পুখুৰী থকা বিষয়টো আদৰ্শ বুলি অভিহিত কৰে। উদাহৰণ হিচাপে তেওঁ, উগ্ৰতাৰা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মন্দিৰ, শোণিতপুৰৰ নাগশংকৰ মন্দিৰৰ কথা উল্লেখ কৰে।
ৰাইজৰ দল- অসম জাতীয় পৰিষদৰ প্ৰতি পুনৰ আহ্বান ৰিপুণ বৰাৰ
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বক পুনৰ আহ্বান ৰিপুণ বৰাৰ। দুয়োটা দলকে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটত অংশ লবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। বিপি এফ অন্তভূক্তিৱে মহাজোঁটৰ শক্তি বৃ্দ্ধি কৰিলে বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই। AIUDFৰ সাংগাঠনিক সম্পাদক আমিনুল ইছলামে কয়, মহাজোঁটত বি পি এফ চামিল হোৱাৰ পাছত আমাৰ ১২খন বৃদ্ধি পালে। অজাপ আৰু ৰাইজৰ দলকো আমি মহাজোঁটলৈ আমন্ত্ৰণ জনাইছো।
মহিলাৰীয়ে ক'লে কেইখন আসন পাব মহাজোঁটে
কংগ্ৰেছ মহাজোঁটে এইবাৰ ১০১খন আসন লাভ কৰিম বুলি দাবী কৰিলেও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিলে ৭০খন আসন পাব তেওঁলোকে। বিজেপিৰ সংগ ত্যাগ কৰি কংগ্ৰেছৰ মহাজোটঁত চামিল হোৱা অংশীদাৰী দলকেইটাই উক্ত দিনটোত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তাৰ পিছত হোটেল চিগনেট ইনত এক সংবাদমেলত ঘোষণা কৰে যে, মহাজোঁটে এইবাৰ দিছপুৰ গঠন কৰিব। এই সংবাদমেলত ৰিপুণ বৰাই কয়, অসমৰ ৰাইজে আজি বিজেপি পতন বিচাৰিছে। বিজেপিৰ অপশাসন আৰি সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমক ৰক্ষা কৰিবলৈ, ধৰ্মনিৰপেক্ষতা জীয়াই ৰাখিবলৈ আমি ৭টা দল একত্ৰিত হৈছো।
মহাজোঁটত চামিল হাগ্ৰামা মহিলাৰী
ঘোষণা কৰাৰ দৰেই মহাজোঁটত চামিল হল বি পি এফ। আনুষ্ঠানিকভাৱে এই মহাজোঁটৰ অংশীদাৰ হৈ হাগ্ৰামা মহিলাৰীয়ে হুংকাৰ দিলে যে, বিজেপিক শাসনৰ পৰা বাহিৰ কৰিব লাগিব। মইহে ইমানদিনে বিজেপিক জীয়াই ৰাখিছিলো। দিছপুৰত বিজেপি চৰকাৰ কিদৰে গঠন হৈছিল এই কথা সকলোৱে জানে। এতিয়া ৭টাদলৰ মহাজোঁট গঠন হৈছে। দিছপুৰত এইবাৰ মহাজোঁটৰ নতুন চৰকাৰ গঠন হব বুলিও তেওঁ কয়।
দিনটোৰ উল্লেখযোগ্য ৰাজনৈতিক পৰিক্ৰমা
বিৰোধী মহাজোঁটত চামিল হাগ্ৰামা
ৰাজ্যৰ ৰাজনীতি জোকাৰণি তুলিলে হাগ্ৰামা মহিলাৰীৱে। বিজেপিৰ সৈতে কোনো সম্পৰ্ক নাই বুলি ঘোষণা কৰি হাগ্ৰামা মহিলাৰীৰ ঘোষণা- কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটত তেওঁলোকে অংশ লব। মহিলাৰীয়ে কয়, ২৮ফেব্ৰুৱাৰী অথাত দেওঁবাৰে তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মহাজোঁটত চামিল হব।
প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা
এ বি পি আৰু চি ভোটাৰ অপিনিয়নৰ সম্পূৰ্ণ ফলাফলঃ
লাভ কৰিব লগা ভোটৰ হাৰঃ
মুখ্যমন্ত্ৰীৰ দৌৰত কোন কোনঃ
দিনটোৰ উল্লেখযোগ্য ৰাজনৈতিক পৰিক্ৰমাঃ
অসম বিধানসভা নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ তথ্যঃ
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত।
মুঠ সমষ্টি ৪৭টা সমষ্টিত ভোটগ্ৰহণ হব। ভোটগ্ৰহণ হ'ব লগা সমষ্টি কেইটা-
প্ৰথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত অনুষ্ঠিত হব ভোটগ্ৰহণ।সমষ্টিকেইটা হ'ল- মাজুলী, গহপুৰ, বোকাখাত, সৰুপথাৰ, তিতাবৰ, মৰিয়নী, সোণাৰি, মৰাণ, তিনিচুকীয়া, ডিগবৈ, ঢকুৱাখানা, চামগুৰি, কলিয়াবৰ, নাওবৈছা, ধেমাজি, দেৰগাওঁ, টীয়ক, মাহমৰা, থাওৰা, বিহপুৰীয়া, মাৰ্ঘেৰিটা, লাহোৱাল, দুলীয়াজান, টিংখং, ডুমডুমা, শদিয়া, চাবুৱা, ঢেকীয়াজুলি, চতিয়া, বিশ্বনাখ, খুমটাই, নাজিৰা, বৰচলা, তেজপুৰ, ৰঙাপাৰা, বিহালী, ধিং, বটদ্ৰৱা, ৰূপহাহাট, কলিয়াবৰ, যোৰহাট, আমগুৰি, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, জোনাই
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১ এপ্ৰিলত
দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিত হব ভোটগ্ৰহণ। সমষ্টি কেইটা হৈছে-
পানেৰী, নলবাৰী, কলাইগাওঁ, ছিপাঝাৰ, মঙলদৈ, মাজবাট, জাগীৰোড. মৰিগাওঁ, লাহৰিঘাট, ৰহা, বঢ়মপুৰ, যমুনামুখ, হোজাই, লামডিং, ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, ধলাই, উধৰবন্দস লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠথালাংছু, কমলপুৰ, ৰঙিয়া, ওদালগুৰিস দলগাওঁ, নগাওঁ
তৃতীয়া পৰ্যায়ৰ নিৰ্বাচন ৬ এপ্ৰিলত
তৃতীয়া পৰ্যায়ত ৪০ টা সমষ্টিত হব ভোটগ্ৰহণ। সমষ্টি কেইটা হৈছে-
জালুকবাৰী, পলাশবাৰী, মানকাছৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপুৰ পূব, বিলাসীপাৰা পশ্চিম, গোৱালপাৰা পশ্চিম, গোৱালপাৰা পূব, গোসাইগাওঁ, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, ছাপাগুৰি, বঙাইগাওঁ, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ, পাটাচাৰকুছী, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ, দুধনৈ, ছয়গাওঁ, দিছপুৰ, হাজো, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু বৰক্ষেত্ৰী।