বতৰে দিছে বাধাঃ হ’বনে সময়মতে নিয়ন্ত্ৰণ বাঘজানৰ জুই…

বতৰে দিছে বাধাঃ হ’বনে সময়মতে নিয়ন্ত্ৰণ বাঘজানৰ জুই…

ডিজিটেল ডেস্কঃ বাঘজানবাসীৰ প্ৰতি যেন অসন্তুষ্ট নেদেখাজনো। জুই নিৰ্বাপনৰ বাবে প্ৰতিটো চেষ্টা ক্ৰমান্বয়ে বিফল হোৱালৈ লক্ষ্য ৰাখি কাষৰীয়া ৰাইজেও এতিয়া তেনেকৈয়ে ভাৱিছে। বিগত দিনকেইটাত ধাৰসাৰ প্ৰৱল বৃষ্টিপাতৰ ফলত বাঘজানৰ তৈলখাদলৈ যোৱা পথটো ধাৰাসাৰ বৃষ্টিপাত তথা বানৰ ফলত খঁহি পৰিছে।

বাঘজান তৈল খাদৰ পৰা গেছ আৰু তেল নিৰ্গমন হোৱা জুই নিয়ন্ত্ৰণ কৰাৰ বাবে অহা ৭ জুলাইৰ পৰা আৰম্ভ হ'ব লগা আছিল এক অভিযান। কিন্তু এই অভিযান প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময় অনুসৰি আৰম্ভ হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

ইফালে, অইল ইণ্ডিয়া লিমিটেডৰ প্ৰবক্তাগৰাকীয়ে সদৰী কৰা অনুসৰি, খাদটোৰ পৰা নিৰ্গত তেল-গেছ নিয়ন্ত্ৰণ কৰাৰ বাবে এক অভিযান চলোৱাৰ কথা আছিল। এই অভিযানৰ বাবে অগ্নিকাণ্ড সূত্ৰপাত হৈ থকা স্থানলৈ যাবৰ বাবে কেইবাটাও পথ নিৰ্মাণ কৰা হৈছিল। কিন্তু, প্ৰৱল বৃষ্টিপাতত খাদটোলৈ যোৱা পথকেইটা খহি পৰাৰ ফলত এই অভিযানত ব্যৱহাৰ কৰিব লগা প্ৰকাণ্ড প্ৰকাণ্ড মেচিনসমূহ নিব পৰা নাযাব।

উল্লেখ্য যে, তৈলখাদৰ পৰা নিৰ্গত গেছ-তেল নিয়ন্ত্ৰণ কৰাৰ বাবে ৭ জুলাইৰ পৰা আৰম্ভ কৰাৰ সময় নিৰ্ধাৰিত কৰি হৈছিল। অইলৰ বিশেষজ্ঞ সকলৰ নেতৃত্বত চলিব লগা এই অভিযানটোত সহযোগ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে। এই অভিযানৰ বাবে অইল কৰ্তৃপক্ষক পাৰ্যমানে সহায় কৰিছিল স্থানীয় ৰাইজেও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in