লকডাউনৰ সময়চোৱাত বিশ্বৰ মহিলা সমাজক লৈ চিন্তিত ৰাষ্ট্ৰ সংঘ…

লকডাউনৰ সময়চোৱাত বিশ্বৰ মহিলা সমাজক লৈ চিন্তিত ৰাষ্ট্ৰ সংঘ…

author-image
asomiyapratidin
New Update
লকডাউনৰ সময়চোৱাত বিশ্বৰ মহিলা সমাজক লৈ চিন্তিত ৰাষ্ট্ৰ সংঘ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ বিশ্বৰ সকলো দেশে বিশেষভাৱে মহিলা তথা কন্যাক গুৰুত্ব দিয়ক। এই আহ্বান কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টৰিঅ' গুটাৰেছে। সাম্প্ৰতিক পৰিৱেশৰ ওপৰত অধ্যয়ন কৰি তেওঁ কয়, লিংগ বৈষম্যতা বিগত কিছুদিনত হ্ৰাস পাইছিল যদিও, কোৰোনা মহামাৰীয়ে মহিলাৰ অধিকাৰ সংকটত পেলাইছে। মই সকলো দেশৰ চৰকাৰক অনুৰোধ জনাইছো, কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ যি পন্থা অৱলম্বন কৰা হৈছে সকলোতে মহিলাক বিশেষভাৱে গুৰুত্ব দিয়ক।

Advertisment

তেওঁ লগতে কয়, বিশ্ব অৰ্থনৈতিক অৱস্থা সুস্থিৰ অৱস্থালৈ আনিবৰ বাবে গ্ৰহণ কৰা সকলো পদক্ষেপত মহিলাক আগস্থান দিয়াটো উচিত। কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ সময়চোৱাত বিশ্ব ৬০ শতাংশ মহিলাৰ আয় হ্ৰাস পোৱাৰ কথা ব্যক্ত কৰে সচিব গৰাকীয়ে। লকডাউনৰ সময়চোৱাত বিশ্বৰ সকলো মহিলাৰ পূৰ্বতকৈ কামৰ ভাৰ অধিক বৃদ্ধি হোৱাৰ লগতে মহিলা নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাটো উদ্বেগজনক বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে।