/asomiyapratidin/media/media_files/2025/11/07/ujjddd-2025-11-07-22-14-29.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ হৈ উইকেট কীপাৰ-বেটছমেন হিচাপে খেলা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অসমৰ বোকাখাটৰ জীয়ৰী উমা চেত্ৰী এগৰাকী অসমীয়া জীয়ৰী। অসমৰ গৌৰৱ। তেওঁক কেতিয়াও গোৰ্খা সম্প্ৰদায় বা কোন সম্প্ৰদায়ৰ সেই কথা মনত ৰখা নাই।
টচেন বড়া সোঁৱৰণী প্ৰথম বার্ষিক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ আজি চতুৰ্থ দিনা নামৰূপৰ গান্ধী ময়দানত অনুষ্ঠিত খেলত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিধায়ক তৰংগ গগৈয়ে এইদৰে কয়। নামৰূপৰ চেণ্ট্ৰেল স্পৰ্টছ এছোচিয়েশ্যন আয়োজন কৰা আজিৰ খেলখনত অসম ক্ৰিকেট এছোচিয়েশ্যনৰ সভাপতি হিচাপে তৰংগ গগৈয়ে কয় যে উমা চেত্ৰী এগৰাকী অসমীয়া ছোৱালী।
এগৰাকী অসমীয়া খেলুৱৈ । ৱৰ্ল্ড কাপ বিজয়ী দলৰ সদস্য হিচাপে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিলে। তৰংগ গগৈয়ে কয় যে উমা চেত্ৰী প্ৰথম অসমীয়া যি ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰিছে। আমি তেওঁক কেতিয়াও গোৰ্খা সম্প্ৰদায় বা কোনো সম্প্ৰদায়ৰ ব্যক্তি বুলি ভবা নাই।
তেওঁ কয় যে উমা চেত্ৰী BCCI ৰ অধীনত আছিল । তেওঁলোকে উমা চেত্ৰী কেতিয়া অসম পাবহি সেই কথা স্পষ্ট কৈ জনোৱা নাছিল। তথাপি ব্যক্তিগতভাবে যোগাযোগ কৰাত ৬নৱেম্বৰ তাৰিখে সন্ধ্যা ৭ বজাত জনালে যে, তেওঁ এয়াৰ পৰ্ট গৈ আছে আৰু নিশা এঘাৰ বজাত গুৱাহাটী বিমান বন্দৰ অৱতৰণ কৰে।
তৎক্ষণাত দুপৰ নিশা সকলো জিলাৰ বিষয়ববীয়া গোট খাই সম্বৰ্ধনা জনোৱা বা শোভাযাত্ৰা কৰাটো সম্ভব নহয়। তথাপি গুৱাহাটীত যি সকল বিষয় ববীয়া আছিল তেওঁলোকে উমা ছেত্ৰী আদৰণী জনালে । লগতে সম্বর্থনা জনোৱাৰ কথাও আলোচনা কৰিছিল যদিও উমা চেত্ৰীয়ে দীৰ্ঘদিনৰ পিছত অসমলৈ আহিছে তিকে ঘৰলৈ গৈ পিতৃ মাতৃক এবাৰ লগ পাই অহাৰ কথা জানিবলৈ দিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us