অসম গৌৰৱ উমা চেত্ৰীলৈ অটল ত্ৰিৰংগা বঁটা ২০২৫

উমা চেত্ৰীয়ে এই বঁটা গ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰাত সংগঠনৰ অসম প্ৰদেশৰ সকলো কাৰ্যকৰ্তাই আনন্দ প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসম গৌৰৱ উমা চেত্ৰীক অটল ত্ৰিৰংগা বঁটা ২০২৫ৰ বাবে নিৰ্বাচিত কৰা হৈছে। দিল্লীত ২৬ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যুৱ ক্ৰিকেটাৰ গৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাৰ বাবে নিৰ্বাচিত উমা চেত্ৰীয়ে অনুষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰিছে। 

WhatsApp Image 2025-11-25 at 8.28.09 PM (1)

উল্লেখ্য যে, ২৬ ডিচেম্বৰত দেশৰ ৩০ গৰাকী বিশিষ্ট লোকক চেল্যুট ত্ৰিৰংগাৰ ফালৰ পৰা অটল ত্ৰিৰংগা বঁটা ২০২৫‌ প্ৰদান কৰিব। এই সন্মানৰ বাবে উমা চেত্ৰীক চেল্যুট ত্ৰিৰংগা  অসম প্ৰদেশৰ ফালৰ পৰা মনোনীত কৰা হৈছিল। 

WhatsApp Image 2025-11-25 at 8.28.09 PM

তাৰোপৰি উমা চেত্ৰীয়ে এই বঁটা গ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰাত সংগঠনৰ অসম প্ৰদেশৰ সকলো কাৰ্যকৰ্তাই আনন্দ প্ৰকাশ কৰিছে। ইফালে সংগঠনটোৰ অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাৰ তত্বাৱধানত সংগঠনৰ ক্ৰীড়া কোষৰ সভাপতি প্ৰাণজিৎ দত্ত, জিলা সভাপতি দিগন্ত শৰ্মা, সংগঠনটোৰ অসম প্ৰদেশৰ সম্পাদক প্ৰাগজ্যোতি ফুকন আৰু সংগঠনৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক অনুৰাগ ঠাকুৰীয়াসহ এটা প্ৰতিনিধি দলে ক্ৰিকেটাৰ গৰাকীৰ বাসভৱনত উপস্থিত হৈ গামোচা, চেলেং চাদৰ আৰু এটি স্মাৰকেৰে সম্বৰ্দ্ধনা জনোৱা পৰিলক্ষিত হয়।

images

উমা ছেত্ৰী