/asomiyapratidin/media/media_files/2025/08/21/ddddddddd-2025-08-21-10-14-42.jpg)
ডিজিটেল ডেস্কঃ আলোচনাপন্থী আলফা গোটৰ কেইবাজনো নেতাক ২৫ বছৰ ধৰি চলা এটা গোচৰত দোষমুক্ত ঘোষণা কৰা হৈছে৷ গুৱাহাটীস্থিত বিশেষ টাডা আদালতে আজি আলফাৰ শীৰ্ষ নেতাসকল জড়িত এটা গোচৰৰ ৰায়দান কৰি আটাইকেইজনকে দোষমুক্ত ঘোষণা কৰে৷
১৯৯৯ চনৰ পৰা চলি থকা গোচৰটোৰ আজি ৰায়দান কৰাত গোচৰটো বন্ধ হয়৷ এই গোচৰটোত মুঠ অভিযুক্ত আছিল ৩৮ জন৷ মুঠ ৩৮ জনকে দোষমুক্ত ঘোষণা কৰা হয়৷ এই গোচৰটো প্ৰথমে ১৯৯১ চনত দিছপুৰ থানাই নিজাববীয়াকৈ ১/১৯৯১ নম্বৰত পঞ্জীয়ন কৰিছিল।
২০০১ চনত ৪৩/২০০১ নম্বৰত দিছপুৰ আৰক্ষী থানাত ৰুজু গোচৰ টাডা আদালতলৈ স্থানান্তৰ কৰা হয়৷ বিদ্ৰোহ, সন্ত্ৰাস বিয়পোৱা, ধন দাবীকে ধৰি বহু অবৈধ কাৰ্যকলাপৰ অভিযোগ আনি ৰুজু হৈছিল। প্ৰায় ২৫ বছৰ ধৰি বিচাৰ প্ৰক্ৰিয়া চলি থাকে।
মুঠ ৪৫ জন লোকক এই গোচৰত অভিযুক্ত হিচাপে নাম কৰা হৈছিল। গোচৰত অভিযুক্ত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে দুজন অভিযুক্ত পলাতক হৈ আছে। আনহাতে, বিচাৰ চলি থকাৰ সময়ত ৪ জন অভিযুক্তৰ মৃত্যু ঘটে৷ আজি আদালতে বাকী থকা ৩৮ অভিযুক্তক আজি গোচৰৰ পৰা মুক্ত কৰি দিয়ে।
আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতা অনুপ চেতিয়া, প্ৰদীপ গগৈ, অৰবিন্দ ৰাজখোৱা, মুনীন নবিশ, কল্পজ্যোতি নিয়োগ, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, সুনীল নাথ আৰু আনন্দৰ ঠাকুৰীয়াৰ দৰে শীৰ্ষ নেতা আছে। গোচৰত অবৈধ কাৰ্যকলাপ নিষেধাজ্ঞা আইনৰ ধাৰা ১০(৩০), টাডা আইনৰ ধাৰা ৩ আৰু ৪ আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাত অভিযোগ দাখিল কৰা হৈছিল।