ডিজিটেল সংবাদ,কামপুৰঃ দেওবাৰে কচুৱাত ব্যতিক্ৰমী ৰূপত উলেমা ঐক্যমঞ্চৰ প্ৰথম বাৰ্ষিক অধিবেশন খনি সম্পন্ন হৈ যায় ৷ ড° আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে মুফতি হান্নান শ্বেখে ৷ গাঁও প্ৰধান খাইৰুল ইছলামে আদৰণি পৰ্ব পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত জনীয়া সমষ্টিৰ বিধায়ক ড° ৰফিকুল ইছলামে হজৰত মোহাম্মদ (ছ:), কোৰান শ্বৰিফ আৰু ইছলামৰ আদৰ্শৰ ওপৰত বহল বক্তৃতা দাঙি ধৰে।
তেওঁ সমাজৰ পৰা মদ,জুৱা,ভাং,ড্ৰাগছ,বাল্য বিবাহ,শিশু শ্ৰমিক,সুদখোৰ বৰ্জন কৰি প্ৰতিজন সন্তানক শিক্ষিত কৰি তুলিবলৈ আহ্বান জনায় ৷ ইছলামে অইন ধৰ্মক সন্মান কৰা শিকাইছে বুলি কৈ পবিত্ৰ কোৰানৰ মহান বাণী সমূহৰ ওপৰত সুন্দৰ আলোকপাত কৰি আলিম উলেমাই পথভ্ৰষ্ট লোকক সত্যৰ সন্ধান দি সমাজ খনক আগুৱাই নিবলৈ ড° ৰফিকুল ইছলামে আহ্বান জনায় ৷
ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰসংগ টানি অসম চৰকাৰক সমালোচনাৰে থকা সৰকা কৰি শংকৰ আজানৰ ৰাজ্যত সাম্প্ৰদায়িক বিষ বাষ্প ঢালি দিয়া লোকক ৰেহাই দিয়া নহ'ব বুলি কয় কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা আৰু লাচিত সেনাৰ সম্পাদক প্ৰকাশ বৰুৱাই ৷ সভাত উলেমা ঐক্যমঞ্চৰ কৰনীয়ৰ ওপৰত সমাজ সেৱক নুপুৰ বৰ্ধন আৰু পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমানে বক্তব্য ৰাখে ৷
জনপূৰ্ণ সভাত বিশিষ্ট ধৰ্মগুৰু ছামচুদ্দিন বিহাৰী চাহাবেও ধৰ্ম আৰু সমাজ ব্যৱস্থাৰ ওপৰত বক্তব্য ৰাখে ৷ মুকলি সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ লিয়াকত আলী,আমিৰ হামজা ভূঞা, ইনামূল হুদা, শিক্ষাবিদ আলী আকবৰ,বাহাৰুল ইছলাম,ইনামূল হুদা, মুফতি আব্দুল কৰিম, সমাজ সেৱক ইছলাম কাজী, আব্দুল জব্বাৰ, বিআৰচি ৰতন দাস, চিআৰচিচি মতিবুৰ ৰহমান,হবিবুৰ ৰহমান, আবুল কালাম আজাদ, মৌলানা মতিউৰ ৰহমানকে আদি কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে ৷
ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলনৰ পিছতেই মদ,জুৱা ,তীৰ,ড্ৰাগছ,সুদখোৰ আৰু বাল্য বিবাহ বন্ধৰ নানান শ্ল'গান দি দুই শতাধিক আলিম উলেমাই কচুৱা-তিনিআলি গড়কাপ্তানি পথত এক শোভাযাত্ৰা উলিয়াই ৷