বড়ো ভূমিত নব গঠিত বিদ্ৰোহী সংগঠন ইউএলবিৰ তিনি কেডাৰক আটক…

বড়ো ভূমিত নব গঠিত বিদ্ৰোহী সংগঠন ইউএলবিৰ তিনি কেডাৰক আটক…

author-image
asomiyapratidin
New Update
বড়ো ভূমিত নব গঠিত বিদ্ৰোহী সংগঠন ইউএলবিৰ তিনি কেডাৰক আটক…

ডিজিটেল সংবাদ,কোকৰাঝাৰ:  কোকৰাঝাৰৰ উল্টাপানী দুগৰাকীকৈ ইউএলবিৰ সদস্য নিহতক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে বুধবাৰে তিনিটা ইউএলবি সদস্যক আৰক্ষীয়ে  আটক কৰিবলৈ সক্ষম হৈছে। কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সদৰি কৰা মতে এক বিশেষ অভিযানৰ যোগে প্ৰথমে টিপকাই বগৰীবাৰীৰ দৈদুন ব্ৰহ্মক আটক কৰে। দৈদুন ব্ৰহ্মক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা এটা কেমোফ্লেজ পোছাক উদ্ধাৰ কৰা হয়।

Advertisment

 সোধপোছৰ অন্তত দৈদুন ব্ৰহ্মই সকলো কথা স্বীকাৰ কৰে আৰু ইউএলবিৰ ভাবুকিপূৰ্ণ ভাইৰেল ভিডিঅ'টো ৰঙিয়া আৰু বক্সাৰ সীমান্তৱৰ্তী পাথৰকুৱেৰীত লোৱা হৈছিল বুলি স্বীকাৰ কৰে। ইউএলবিৰ চিএনচি প্ৰিনজিত বসুমতাৰীৰ ঘৰ গোসাঁইগাঁৱত আৰু তেওঁৰ বিৰুদ্ধে হত্যা অপহৰণকে  ধৰি দহটামান গোচৰ ৰজু হৈ আছে বুলি সদৰি কৰিছে সুৰজিৎ সিং পানেছাৰে।

ভিডিঅ'টো লোৱাৰ সময়ত চিএনচি প্ৰিনজিৎ বসুমতাৰী, দুব্ৰি ব্ৰহ্ম, ফুংখা ব্ৰহ্ম, দৈদুন ব্ৰহ্ম, সুদেম ব্ৰহ্ম আদি  সদস্য সকল আছিল আৰু তেওঁলোকক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত আছে বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে। সৰ্বমুঠ ১৪ টা ইউএলবিৰ কেডাৰ চিনাক্ত কৰা হৈছে আৰু সকলোকে কৰায়ত্ব কৰা হ'ব বুলি মন্তব্য কৰি বুধবাৰে গ্ৰেপ্তাৰ হোৱা আনন্দ নাৰ্জাৰী ওৰফে আব্ৰা, সাজাৰাম ব্ৰহ্ম ওৰফে ৰমাই আৰু দৈদুন ব্ৰহ্মক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত আছে বুলি সদৰি কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে ।