উকিয়ামৰ কুলশীৰে বৈ অহা ত্ৰিবেণী সংগম শ্ৰী, ঘোগা আৰু দ্ৰোণ নদীৰ পাৰত বনভোজ দলৰ ভিৰ...

অসম - মেঘালয় সীমান্তৱৰ্তী উকিয়ামৰ ত্ৰিবেণী সংগমত অৰ্থাৎ কুলশী হৈ বৈ অহা  শ্ৰী, ঘোগা আৰু দ্ৰোণ নদীৰ পাৰত শীতৰ প্ৰকোপ নেউচিও অসম তথা মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দল, দৰ্শনাৰ্থীয়ে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
540

ডিজিটেল সংবাদ, উকিয়াম : অসম - মেঘালয় সীমান্তৱৰ্তী উকিয়ামৰ ত্ৰিবেণী সংগমত অৰ্থাৎ কুলশী হৈ বৈ অহা  শ্ৰী, ঘোগা আৰু দ্ৰোণ নদীৰ পাৰত শীতৰ প্ৰকোপ নেউচিও অসম তথা মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দল, দৰ্শনাৰ্থীয়ে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। এই তিনি নদীৰ সংযোগত দৰ্শনাৰ্থীয়ে নৌকা আদিত উঠি এই তিনিখন নদী পৰিদৰ্শন কৰাৰ লগতে অসম মেঘালয়ৰ দুয়ো পাৰ সংযোগ কৰি অস্থায়ীভাৱে নিৰ্মাণ কৰা বাঁহৰ দলঙেৰে খোজ কাঢ়ি আনন্দ,উল্লাহ কৰা পৰিলক্ষিত হৈছে।এই নদীৰ আশে পাশে লগতে বাহৰ দলঙত ফটো উঠি বাৰুকৈয়েই স্ফূৰ্তি লাভ কৰিছে।

আকৌ একাংশ দৰ্শনাৰ্থীয়ে উকিয়ামৰ পুৰণি চেগুন ক্ষেত্ৰ তথা বনাঞ্চলিক কাৰ্যালয়ৰ কাষত বনভোজ খাই ফূৰ্তিত নিমজ্জিত হৈছে। উকিয়ামৰ এই তিনি নদীৰ জলজ সম্পদ,আশে পাশে থকা পাহাৰ, নিজৰা,শিল,বিভিন্ন জনগোষ্ঠীৰ লোক বিশেষকৈ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়ামৰ অঞ্চলটোৰ ৰাভা,বড়ো,খাছী,গাৰোকে ধৰি সাধাৰণ দুখীয়া,মেহনতী,ৰাইজৰ একতা,ভ্ৰাতৃত্বই দৰ্শনাৰ্থীক আপ্লুত কৰিছে। এই জনগোষ্ঠীয় লোকসকলে উকিয়ামত এখন বজাৰো গঢ়ি তুলিছে।

বিভিন্ন থলুৱা শাক পাচলি,বৰা-বকা জহা-আইজং চাউল,থলুৱা কমলা,নাৰিকল,কুহিয়াৰ,পাণ তামোল,বাঁহৰ গাজ,আলু-কচু,দৈ,সান্দহ আদি বিক্ৰী কৰি আহিছে। জনগোষ্ঠীয় একাংশ পুৰুষ মহিলাই এইকেইদিন এই সামগ্ৰীবোৰ বিক্ৰী কৰি পৰিয়াল চলোৱাত সকাহ পাইছে।

বিচিত্ৰতাৰ মাজৰ এইবোৰ দৃশ্যবোৰ উপভোগ কৰাৰ সমান্তৰালভাৱে দৰ্শনাৰ্থীয়ে জনগোষ্ঠীৰ বিভিন্ন বস্ত্ৰৰ বিপনীৰ পৰা বস্ত্ৰ পৰিধান কৰি পৃথক পৃথক ফটোও উঠিছে। দুখৰ কথা জিলা আয়ুক্তই এই বনভোজস্থলীবোৰত মাইক,ডিজে আদি বজোৱা নিষেধ কৰিছে যদিও একাংশ দৰ্শনাৰ্থীয়ে আয়ুক্ত তথা আৰক্ষী প্ৰশাসনৰ এই ঘোষণাক বুঢ়া আঙুলি দেখুৱাই সুৰাপান কৰিয়ো প্ৰকৃতিৰ পৰিপন্থী কামত নিমজ্জিত হৈছে। শীতৰ প্ৰকোপক আওকাণ কৰিয়ো একাংশই শীতল জলৰাশিত নামি গা ধুৱা,স্ফূটি কৰাত একাংশ সচেতন দৰ্শনাৰ্থীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে।

WhatsApp Image 2025-12-29 at 3.19.14 PM (1)

আনকি এনে কিছু প্ৰকৃতি পৰিপন্থী কাৰ্যক লৈ একাংশ বনভোজকাৰীৰ মাজত অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈ আহিছে। উকিয়ামৰ এই তিনি নদীৰ সোঁত ৰিভাৰ ডলফিনৰ বিচৰণস্থলী ইতিহাসপ্রসিদ্ধ কুলশী নদীৰে চানডুবিৰ লকেয়া জানৰ কাষেৰে বৈ আহিছে। উৎপত্তিস্থল মেঘালয়ৰ পৰা বৈ অহা এই নদীৰ জলৰাশিবোৰ শীতল।

তেনেক্ষেত্ৰত অঞ্চলটোত শীতৰ প্ৰকোপ বেছি। তথাপি একাংশ দৰ্শনাৰ্থীয়ে এই অঞ্চলটোৰ জৈৱ-বৈচিত্র্যৰ প্ৰতি মোহিত হৈ নদীত নামি জলকেলি কৰাত সচেতন লোক চিন্তিত হয়।বৰ্তমান অঞ্চলটোত দৰ্শনাৰ্থীৰ ভিৰ বাঢ়িছে যদিও আগলৈ হয়তো এই জৈৱ-বৈচিত্র্যৰ ভাণ্ডাৰত আঘাট আহিব পাৰে।কিয়নো অঞ্চলটোৰ ৰাইজৰ আপত্তি স্বত্তেও জোৰ-জবৰদস্তি জৈৱ-বৈচিত্র্যৰ আঘাত কৰাই নহয়, উচ্ছেদ কৰি হ'লেও উকিয়ামৰ কুলশী নদীত অসম আৰু মেঘালয় চৰকাৰে ৫৫ মেগাৱট জলবিদ্যুত প্ৰকল্প স্থাপন কৰিবলৈ উঠি পৰি লাগিছে।

চৰকাৰৰ এই জনস্বাৰ্থ বিৰোধী সিদ্ধান্তত অঞ্চলটোৰ ৰাইজৰ লগতে বিভিন্ন পৰিৱেশকৰ্মী,সচেতন লোক, বুদ্ধিজীৱী, সাংবাদিক,সাহিত্যিক,কবি,বিশিষ্ট আইনজ্ঞ,চিন্তাবিদ দল সংগঠনৰ নেতাসকলে এই নদী বান্ধে সীমান্তৱৰ্তী ৰাইজৰ বিপদ আনিব বুলি মত প্ৰকাশ কৰিছে। কুলশী নদীত নদী বান্ধ স্থাপন কৰিলে ৰাইজে নিজৰ ভেটি মাটি হেৰুৱাই অঘৰী জীৱন যাপন কৰিব লাগিব।চৰকাৰে যদি ৰাইজৰ উন্নয়ন বিচাৰে তেতিয়া হ'লে চিকিৎসালয়,শিক্ষানুষ্ঠান গঢ়ি তোলা,উকিয়ামক বিশ্ব মানৰ এখন পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে ৰাইজে।

WhatsApp Image 2025-12-29 at 3.19.14 PM

কুলশী নদীত নদী বান্ধৰ এই সিদ্ধান্তই ৰাইজকে নহয় অঞ্চলটোৰ নদ নদী,খোৱা পানী আনকি কুশলী নদীৰ লগতে চানডুবি বিললৈয়ো বিপৰ্যয় কঢ়িয়াই আনিব। গাৰো মহিলা পৰিষদৰ জিলা সভানেত্ৰী লেভষ্টি চাংমাই কয়-আমি ইয়াতে জন্ম হৈছো। আমাৰ আতা-ককাই ইয়াতে মৰি গৈছে।

তেওঁলোকৰ আত্মাক মাটিত মিহলি হৈ আছে। তেনেক্ষেত্ৰত তেওঁলোকৰ আত্মাৰ লগতে ৰাইজক পানীত ডুবাই কোনো নদী বান্ধ কুলশী হ'ব নিদিয়ে বুলি কয়। বিপৰীতে উকিয়ামক পৰ্যটনস্থলীলৈ পৰ্যবসিত কৰাৰ কথা উল্লেখ কৰে।লগতে কয়-কুলশী নদীত বান্ধ হলে প্ৰকৃতিৰ অনাবিল আনন্দৰ একস্থলী এই নদীৰ পৰা বালি তুলি জীৱন নিৰ্বাহ কৰা অঞ্চলটোৰ লোক, মাছমৰীয়া লোক সকলৰ জীৱন-জীৱিকাত আউল লগাৰ উপৰি কুলশী নদীত থকা আপুৰুগীয়া নদী শিহুৰ প্ৰতি প্ৰচণ্ড ভাবুকি অহাতো খাতাং।

লগতে নদীত থকা থলুৱা মাছ-কাছ আদিও হ্রাস পাব।বাৰিষাৰ সময়ত মৎস্যকূলৰ বংশ বিস্তাৰ হয় যদিও আগলৈ পানীৰ অভাৱত মৎস্যকূলৰো লুপ্ত হব। যাৰবাবে স্থানায় লোক, মৎসজীৱী, দিন হাজিৰা বৰা, বনকৰ্মীয়ে এই জলন্ত বিষয়বোৰক লৈ চিন্তিত হৈ পৰিছে।

বনভোজ