/asomiyapratidin/media/media_files/2026/03/01/197-2026-03-01-17-47-30.jpg)
ডিজিটেল ডেস্ক : মধ্যপ্ৰাচ্যত চলি থকা তীব্ৰ উত্তেজনাৰ মাজতে আজি ইৰানে চাইপ্ৰাছত অৱস্থিত যুক্তৰাজ্যৰ সামৰিক ঘাটিসমূহৰ দিশে দুটাকৈ বালিষ্টিক মিছাইল নিক্ষেপ কৰে। এই কথা সদৰী কৰিছে ব্ৰিটিছ প্ৰতিৰক্ষা সচিব জন হিলিয়ে।
আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত ইৰানৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হোৱাৰ পিছতে ইৰানে এই প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। যাৰ ফলত পূৰ্বতকৈ অধিক অৱনতি ঘটিছে মধ্যপ্ৰাচ্যৰ পৰিৱেশ।
উল্লেখযোগ্য যে, প্ৰতিৰক্ষা সচিব হিলিয়ে জনোৱা অনুসৰি, চৰকাৰে বিশ্বাস নকৰে যে ইৰানে জানি-বুজি ব্ৰিটিছ ঘাটিক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিছিল। অৱশ্যে তেওঁ কয় যে উক্ত ঘটনাই প্ৰমাণ কৰে যে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানে কিমান অবিবেচকীভাৱে আক্ৰমণ চলাইছে।
হিলিয়ে আৰু যে, বাহৰেইনত ইৰানে চলোৱা আক্ৰমণৰ নিচেই কাষতে প্ৰায় ৩০০ গৰাকী ব্ৰিটিছ সামৰিক জোৱান উপস্থিত আছিল। এনে পৰিস্থিতিত জোৱানসকলৰ নিৰাপত্তাক লৈও এতিয়া তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us