উদুলি-মুদুলি ওদালগুৰিৰ ষট্ পূজাৰ ঘাট...

বিহাৰী লোকসকলৰ অন্যতম ধর্মীয় উৎসৱ ষট্ পূজা উপলক্ষে আজি উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় ওদালগুৰি গোলন্দী নৈৰ পাৰৰ লগতে চহৰখনৰ কেইটাও ষট্ পূজাৰ ঘাট। সূর্যাস্তৰ পূৰ্বে বিহাৰীকে ধৰি

author-image
Asomiya Pratidin
New Update
udulll

ডিজিটেল সংবাদ, ওদালগুৰিঃ  বিহাৰী লোকসকলৰ অন্যতম ধর্মীয় উৎসৱ ষট্ পূজা উপলক্ষে আজি উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় ওদালগুৰি গোলন্দী নৈৰ পাৰৰ লগতে চহৰখনৰ কেইটাও ষট্ পূজাৰ ঘাট। সূর্যাস্তৰ পূৰ্বে বিহাৰীকে ধৰি বিভিন্ন ধর্মীয় লোকসকলে নৈৰ পাৰত সূর্যদেৱতাক পূজা কৰাৰ লগতে আটকধুনীয়াকৈ সজাই তোলে নিজ নিজ পূজাৰ বেদীসমূহ।

ওদালগুৰি ষট্ পূজা উদযাপন সমিতিয়ে দুদিনীয়াকৈ অনুস্থিত কৰা উক্ত পূজাত এইবাৰ কেইৱা হাজাৰ ভক্ত সমাগম হব বুলি আশা প্রকাশ কৰে। ভক্তসকলে এনে ধৰণৰ উৎসৱসমূহৰ দ্বাৰা সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ আশা প্রকাশ কৰি কয় যে ওদালগুৰিৰ দৰে ভিন্ন জাতি জনগোষ্ঠীৰে ভৰি থকা জিলা এখনত এনেবোৰ উৎসৱৰ জড়িয়তে সমূহ জাতি-জনগোষ্ঠীৰ মাজত একতাৰ ভাব গঢ়ি উঠিব। আজি পুৱতি নিশা অর্থাৎ কাইলৈ পূৱা সুর্যোদয়ৰ আগত পবিত্ৰ পানীত স্নান কৰি সূৰ্যদেৱতাক পূজা কৰা হব।

প্রতিবাৰে ওদালগুৰিৰ ভিন্ন প্ৰান্তৰ লোক আহি উপস্থিত হৈ এই পূজা উপভোগ কৰা দেখা যায়। ইফালে সমগ্র উৎসৱটি যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে ওদালগুৰি জিলা প্রশাসনে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই এইবাৰ ষট্ পূজা উদযাপন সমিতি(ঘাট নং ১)য়ে সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। ইফালে পুৰণি থানা, গলন্দীহাবিকে ধৰি বিভিন্ন প্ৰান্ততো ষট্ পূজাৰ আনন্দ দেখা গৈছে।

ওদালগুৰি জিলা