ওদালগুৰিত বিশাল কাৰ ৰেলীৰে ইউপিপিএলৰ শক্তি প্ৰদৰ্শন

বিধান সভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ পূৰ্বেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিটিচিতো বলিছে নিৰ্বাচনী গৰম বতাহ।

author-image
Asomiya Pratidin
New Update
GHTHGRGFGD

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিধান সভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱাৰ পূৰ্বেই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিটিচিতো বলিছে নিৰ্বাচনী গৰম বতাহ। ইয়াৰ এক অংশ হিচাপে আজি ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ কেইৱা শতাধিক বাহনেৰে এক বিশাল কাৰ ৰেলী উলিয়াই বিটিচিৰ বিৰোধী ৰাজনৈতিক দল ইউপিপিএলে। 

পুৱা প্ৰায় ৯-৩০ বজাত ওদালগুৰিৰ নলবাৰী খেলপথাৰৰ পৰা উলিওৱা এই সমদলটো উদ্বোধন কৰে ইউপিপিএলৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য খৰি তেওঁ কয়, নিৰ্বাচন আহিলে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কৌশলেৰে প্ৰচাৰ অভিযান চলায়। বিটিচি নিৰ্বাচনৰ পিছত এইবাৰ আহিল বিধানসভা নিৰ্বাচন। আন দলসমূহৰ দৰে আমাৰো প্ৰচাৰ অভিযান আৰম্ভ হৈছে। ইতিমধ্যে আমি সমদল কৰিছো। আজি যুৱ ইউপিপিএলৰ উদ্যোগত আমি কাৰ ৰেলী অনুষ্ঠিত কৰিছো। ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ যাবলগীয়া এই কাৰ ৰেলীৰ মূখ্য উদ্দেশ্য হৈছে বিটিআৰ শান্তি-সম্প্ৰীতি। সমাজত শান্তি-সম্প্ৰীতিৰ বাতাবৰণ থাকিব লাগে। সকলো জাতি জনগোষ্ঠীৰ লোকে আজিৰ এই কাৰ ৰেলীত অংশগ্ৰহণ কৰিছে। বিটিআৰত বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিৰাপত্তা পাব লাগিব, জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা হব লাগিব, ভূমিৰ সমস্যা সমাধান হব লাগিব, শিক্ষাৰ্থীসকলে গুণগত শিক্ষা লাভ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

ইফালে, আসন সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বড়োৱে কয়, আমি বিটিচিৰ ১৫ খন আসনতে নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাইছো। আমি নিজৰ নীতিৰে আগবাঢ়ি আছো আৰু আগবাঢ়ি যাম। একেদৰে বিটিচিৰ ভিন্ন প্ৰান্তত বৰ্তমান সময়ত অশান্তিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি বড়োৱে কয় শ্ৰীৰামপুৰত চিণ্ডিকেটৰ নামত প্ৰতিখন ট্ৰাকৰ পৰা ৬ হাজাৰকৈ টকা লোৱা আমি গম পাইছো। হাগ্ৰামা মহিলাৰীৰ ৰাইজৰ প্ৰতি কোনো ধৰণৰ অঙ্গীকাৰ নাই। ৰাইজৰ অভাৱ অভিযোগৰ প্ৰতি তেখেত চিন্তিত নহয়।

আনহাতে ৰাজ্যসভা নিৰ্বাচনক লৈ প্ৰমোদ বড়োৰ নাম উচ্চাৰিত হোৱা সন্দৰ্ভত তেখেতে কয়, এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু আজি এক আলোচনা হব। আজিৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় যুৱ ইউপিপিএলৰ সভাপতি ৰাকেশ ব্ৰহ্মৰ লগতে দলটোৰ কেইৱাগৰাকীও কেন্দ্ৰীয় নেতা উপস্থিত থাকে।

ওদালগুৰি