/asomiyapratidin/media/media_files/2025/11/23/287-2025-11-23-17-08-32.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনকে ধৰি পাঁচদফীয়া দাবীৰে দেওবাৰে ওদালগুৰি চহৰত দুঘণ্টীয়া গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে আক্ৰাছুৱে। ওদালগুৰি চহৰৰ মাজমজিয়াৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইৱাটাও সংগঠনে সহযোগিতা আগবঢ়ায় বুলি জানিবলৈ দিয়ে।
কাৰ্যসূচীত উপস্থিত থাকি আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন ৰায়ে কয়, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীৰ জনজাতিকৰণ কৰিব লাগে। অন্যথা আন্দোলন তীব্ৰতৰ কৰা হ'ব।
২০২৬ৰ বিধানসভা নির্বাচনৰ সময় যিমানে ওচৰ চাপি আহিছে সিমানেই ৰাজ্যত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো একপ্ৰকাৰ পুনৰ বুমেৰাং কৰাৰ বাবে ষড়যন্ত্ৰ আৰম্ভ হৈছে। ছয় জনগোষ্ঠীক বহুধাবিভক্ত কৰি আন্দোলন মষিমূৰ কৰাই নহয়। বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে এটা বিশেষ চক্রই কূট কৌশল ৰচনা কৰিছে।
সেয়ে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সহযোগত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান কৰা, ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা, বি.টি.চি. অঞ্চলত কোচ ৰাজবংশী জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদান কৰা, বি.টি.চি. অঞ্চলত কোচ ৰাজবংশী জনগোষ্ঠীক সংৰক্ষিত জাতিৰ মৰ্য্যদা প্রদান কৰাৰ দাবীত ৰাজ্যৰ আন আন ঠাইৰ লগতে ওদালগুৰি জিলা আক্ৰাছুৱেও স্বগোষ্ঠীয় সকলৰ ন্যায প্রাপ্তিৰ বাবে গণ হুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো।
প্ৰতিবাদস্থলীত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক ভৱেন ৰাজবংশীয়ে কয়, কোচ-ৰাজবংশীক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিয়ে ইয়াৰ পৰিণাম ভুগিব বুলি আমি এই কাৰ্যসূচীৰ জৰিয়তে সকিয়াই দিছো। জনজাতিকৰণ নহ'লে কোচ-ৰাজবংশী এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈকো আমি কুণ্ঠাবোধ নকৰিম। তদুপৰি কে এল অ'ৰ সৈতে মর্যাদাসহকাৰে শান্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈ আমি দাবী জনাই কওঁ যে আন সংগঠনৰ সৈতে চৰকাৰে মৰ্যাদাসহকাৰে শান্তি আলোচনাত অংশগ্ৰহণ কৰে যদিও কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহক গৃহবন্দী কৰি চৰকাৰে আলোচনা আগবঢ়াব বিচাৰিছে। চৰকাৰৰ এনে কাৰ্যক ধিক্কাৰ জনাইছো।
আজিৰ এই প্ৰতিবাদী গণ হুংকাৰ কাৰ্যসূচীত ওদালগুৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱা শতাধিক কোচ-ৰাজবংশী ৰাইজে আহি অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ 'বিজেপি চৰকাৰ গ' বেক, ন' এছ টি ন' ৰেষ্ট, 'কোচ-ৰাজবংশীক অতিশীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক', 'কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰক', 'উই ৱান্ট কমতাপুৰ', 'জনজাতিকৰণ, কমতাপুৰ ৰাজ্য পুনৰ গঠন আমাৰ ন্যায্য দাবী', 'জনজাতি, কমতাপুৰ আমাক লাগিবই', 'জয় কমতাপুৰৰ জয়', 'জয় চিলাৰায়ৰ জয়', 'জয় নৰনাৰায়ণৰ জয়', 'আক্ৰাছু লং লীভ' আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে।
ওদালগুৰি জিলা আক্ৰাছুৰ নেতৃত্বই কয়, আমি আক্ৰাছু ওদালগুৰি জিলা সমিতিয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকিয়াই দিৱ বিচাৰিছো যে চৰকাৰে ২০১৪ চনৰ পৰা কোচ ৰাজবংশীসহ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত আভুৱা ভাঁৰি আহিছে। বিশেষকৈ বিজেপিয়ে অসমত চৰকাৰ গঠন কৰিলে ছমাহৰ ভিতৰত কোচ-ৰাজবংশীৰ জনজাতিকৰণ কৰিব বুলি প্ৰদান কৰা প্ৰতিশ্রুতি আজিও বাস্তবায়িত নহ'ল। আশ্বাস আৰু প্রতিশ্রুতি কেৱল প্রতিশ্রুতি হৈয়েই থাকিল।
জনজাতিকৰণৰ বাবে যিখিনি বৈশিষ্ট্যৰ প্ৰয়োজন সেই সকলো কোচ ৰাজবংশী জনগোষ্ঠীৰ আছে। গতিকে অহা ২৫ নৱেম্বৰত ৰাজ্যৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত যি প্রতিবেদন দাখিল কৰিব সেয়া ইতিবাচক নহ'লে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত পোনপটীয়া প্রভৱ পৰাতো নিশ্চিত বুলি হুংকাৰ দি ইয়াৰ পৰিণাম বিজেপি চৰকাৰে ভোগ কৰিবলৈ সাজু থাকক বুলি সকিয়াই দিয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় যুটীয়া সম্পাদক অৰবিন্দ দাস, কাৰ্যকৰী সভাপতি সুনীল ৰায় জিলা সমিতিৰ সভাপতি মিণ্টু বৰুৱা, সম্পাদক ৰতন ডেকাকে ধৰি কেইৱাগৰাকীও সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us