ওদালগুৰি চহৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী প্ৰেছ ক্লাৱৰ

অসমৰ মৰমৰ শিল্পী, সাংস্কৃতিক জগতৰ নক্ষত্ৰ, অসম গৌৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল। এই এমহীয়া পবিত্ৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি চহৰৰ ভিন্ন প্ৰান্ততো শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।‌

author-image
Asomiya Pratidin
New Update
dfvsdfsfdsd

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসমৰ মৰমৰ শিল্পী, সাংস্কৃতিক জগতৰ নক্ষত্ৰ, অসম গৌৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল। এই এমহীয়া পবিত্ৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি চহৰৰ ভিন্ন প্ৰান্ততো শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।‌

আজি বিয়লি ওদালগুৰি প্ৰেছ ক্লাৱ চৌহদত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে। ইয়াৰ পাছত প্ৰেছ ক্লাৱৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সংগঠনটোৰ আগন্তুক কাৰ্যকলাপ সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ মাজতে ওদালগুৰি প্ৰেছ ক্লাৱে ওদালগুৰি চহৰত শিল্পী জুবিন গাৰ্গৰ এক সুউচ্চ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি স্থাপনৰ বাবে অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীলৈ পত্ৰ প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দাবী কৰে।

আনহাতে ওদালগুৰি ই-ৰাক্সা চালক সন্থাই শ্বহীদ বেদী প্ৰাঙ্গণত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাম প্ৰসঙ্গ অনুষ্ঠিত কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে সংগঠনটোৰ শ্বহীদ ভৱনৰ সন্মুখত দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পিছত সন্ধিয়ালৈ বন্তি প্ৰজ্বলন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, থিয়নাম পৰিৱেশন কৰা হয়। একেদৰে ওদালগুৰি পিকাছ' কেচেলেও সংগঠনটোৰ কাৰ্যালয়ৰ সন্মুখত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাম পৰিৱেশন কৰে। এনেদৰে শিল্পীগৰাকীৰ এমহীয়া দিনটোত ওদালগুৰিৰ বিভিন্ন দল-সংগঠনে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ন্যায়ৰ দাবী উত্থাপন কৰে।

জুবিন গাৰ্গ