/asomiyapratidin/media/media_files/2025/11/04/fsdfefedfdf-2025-11-04-17-19-38.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি আৰক্ষীৰ ধাৰাবাহিক অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য। জিলাখনত ড্ৰাগছ্, গাঞ্জা, অবৈধ সুৰাকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কথা ঘোষণা কৰে জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই।
দুদিন পূৰ্বে ওদালগুৰি জিলালৈ বদলি হৈ অহা আৰক্ষী বিষয়াজনে আজি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি কয়, জিলাখনত নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হব লাগিব। জিলাখন অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা হেতুকে এই জিলালৈ গাঞ্জাৰ সৰবৰাহৰ এক প্ৰভাৱ আছে। সৰবৰাহ বন্ধ কৰাৰ বাবে আমাৰ তীক্ষ্ণ নজৰ থাকিব। আগতেও বহু এনে অবৈধ সামগ্ৰী জব্দ হৈছিল আৰু আমাৰ অভিযান অব্যাহত থকাৰ লগতে আমি অধিক কঠোৰ হম। আনহাতে সুৰা সেৱন কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব। যান-বাহন আৰক্ষীসকলে ব্ৰেথএনালাইজাৰ ইত্যাদিৰ জৰিয়তে অভিযান অব্যাহত ৰাখিব। পুৰ্ৱৰ তুলনাত এই অভিযান অধিক কঠোৰ হব। এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছে জিলা আৰক্ষী প্ৰশাসনে।
একেদৰে সমাগত ৰাস মহোৎসৱ আৰু আগন্তুক বনভোজৰ বতৰ সন্দৰ্ভত মন্তব্য কৰি বৰুৱাই কয়, ৰাস মহোৎসৱৰ বাবে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা ৰাস সমিতিসমূহক আমি অনুমতি প্ৰদান কৰিছো। তেওঁলোকে যাতে আমাৰ ফালৰ পৰা প্ৰদান কৰা সকলো নিৰ্দেশনা পালন কৰে তাৰ বাবে আমি আহ্বান জনাইছো। একেদৰে বনভোজৰ সময় সমাগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমি কেতবোৰ বিষয়ত নজৰ দিছো। অসমৰ অন্যতম বনভোজস্থলী ভৈৰৱকুণ্ডত সুৰাপায়ীসকলে যাতে পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে বনভোজস্থলীৰ সমীপত অবৈধ সুৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে ব্যৱস্থা লম। ইতিমধ্যে আৰক্ষীলৈ খবৰ আহিছে যে অঞ্চলটোত মুকলিকৈ অবৈধ সুৰাৰ বিক্ৰী আৰু প্ৰচলন হৈছে। এই ক্ষেত্ৰত কেৱল ভৈৰৱকুণ্ডই নহয়, সমগ্ৰ জিলাখনত চলা অবৈধ সুৰাৰ বেহা বন্ধ কৰিবলৈ আমি বদ্ধপৰিকৰ। গতিকে সকলো ক্ষেত্ৰতে জনসাধাৰণৰ সহযোগিতা কামনা কৰিছে ওদালগুৰি আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us