ওদালগুৰিত লোকে লোকাৰণ্য পৰিৱেশৰ মাজেৰে বিসৰ্জন সম্পন্ন...

সেমেকা চকুলোৰ মাজেৰে ওদালগুৰিত সামৰণি পৰিল দূৰ্গা পূজা। ষষ্ঠীৰ বেদীত স্থাপিত দূৰ্গা দেৱীক দশমী পূজা সমাপনেৰে ওদালগুৰিৰ কাহিনলাত বিসৰ্জন দিয়া হয়। ইয়াকে লৈ ওদালগুৰি চহৰৰ মাজমজিয়াত

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, ওদালগুৰিঃ সেমেকা চকুলোৰ মাজেৰে ওদালগুৰিত সামৰণি পৰিল দূৰ্গা পূজা। ষষ্ঠীৰ বেদীত স্থাপিত দূৰ্গা দেৱীক দশমী পূজা সমাপনেৰে ওদালগুৰিৰ কাহিনলাত বিসৰ্জন দিয়া হয়। ইয়াকে লৈ ওদালগুৰি চহৰৰ মাজমজিয়াত দেখা যায় উদুলি মুদুলি পৰিৱেশ। অৱশ্যে ৰাজ্যৱাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যেন জুবিন বিহীন প্ৰথমটো দূৰ্গা পূজাত প্ৰতিগৰাকী ভক্তৰ মন সেমেকী যোৱা দেখা যায়।

চহৰখনৰ লগতে সমীপৱৰ্তী প্ৰায় ২০ খনকৈ দূৰ্গা পূজাৰ প্ৰতিমা উক্ত স্থানতে বিসৰ্জনৰ পৰ্ব সমাপ্ত কৰে। প্ৰতিখন পূজা সমিতিয়ে বিভিন্ন সমদল কৰি পুষ্পসজ্জিত বাহনত জুবিনৰ ফটো আৰি, গান পৰিৱেশন, বাজনাৰ মাজেৰে দূৰ্গা দেৱীৰ প্ৰতিমাক চহৰখনৰ মাজেৰে সমদল কৰি আনি কাহিনলাত উপস্থিত হৈ বিসৰ্জনৰ কাৰ্য সমাপন কৰে।

যাৰ ফলত চহৰৰ মাজমজিয়াৰ পথৰ দুয়োকাষে ৰাইজে এই সমদল প্ৰত্যক্ষ কৰি দেৱীৰ বিদায় সমদলৰ সাক্ষী হয়। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে দূৰ্গা মাক বিদায়ী দিয়ে। ইফালে বিসৰ্জনস্থলীত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে, অগ্নি নিৰ্বাপক বাহিনী, এনডিআৰএফ, বিদ্যুৎ বিভাগ, ওদালগুৰি পৌৰসভাৰ সহযোগত নিয়াৰিকৈ বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হোৱা দেখা যায়।

যান-বাহন আৰক্ষীৰ লগতে সকলো আৰক্ষীয়ে প্ৰতিমা বিসৰ্জনত যাতে কোনো অঘটন সংঘটিত নহয়, তাৰ বাবে প্ৰতিখন বিহু সমিতি তথা ৰাইজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে। সি যি কি নহওঁক কোনো ধৰণৰ অঘটন নোহোৱাকৈ শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে সামৰণি পৰে দূৰ্গা পূজাৰ বিসৰ্জনৰ পৰ্ব।

ওদালগুৰি দুৰ্গা পূজা