/asomiyapratidin/media/media_files/2026/01/13/ujjdd-2026-01-13-23-11-39.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ এইবাৰ ভুৱা নথিৰে খেলুৱৈক দলত অন্তৰ্ভূক্ত কৰি দুবছৰৰ বাবে নিলম্বন হবলগীয়া হ'ল ওদালগুৰিৰ লায়ন্স ক্লাৱ ক্ৰিকেট দল। ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু অসম ক্ৰিকেট সন্থাৰ সহযোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত চলি থকা অষ্টম বাৰ্ষিক অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপত সংঘটিত হয় এই আজৱ ঘটনা।
বহিঃৰাজ্যৰ ক্ৰিকেট খেলুৱৈ এজনক ভুৱা নথিৰে ওদালগুৰি জিলাৰ বুলি লায়ন্স ক্লাৱে নিজৰ দলত অন্তৰ্ভূক্ত কৰিছিল। জালিয়াতিৰে আধাৰ কাৰ্ডত ফটো, ঠিকনা আৰু পিতৃৰ নাম সলনি কৰি লৈছিল অভিষেক কুমাৰ নামৰ যুৱকজনে। ইতিমধ্য প্ৰতিযোগিতাৰ দুখনকৈ খেল খেলিছিল যুৱকজনে।
ইয়াৰ পাছত আন দলৰ সন্দেহ ওপজাত ঘটনা সন্দৰ্ভত জিলা ক্ৰিকেট সন্থাক অৱগত কৰে। পৰৱৰ্তী সময়ত ঘটনাত সত্য সত্যতা প্ৰমাণিত হয়। কালি নিশা ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ এক জৰুৰী সভাত বিষয়টো সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত জিলা ক্ৰিকেট সন্থাই ওদালগুৰি লায়ন্স ক্লাৱক দুবছৰৰ বাবে প্ৰতিযোগিতাখনিৰ পৰা নিলম্বনৰ প্ৰস্তাৱ গ্ৰহণ কৰি দলটোলৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্ৱেও দলটোৱে খেলুৱৈৰ নামত ভুৱা যুৱকক অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। আজিৰ এই ঘটনাৰ পিছত লায়ন্স ক্লাৱৰ সমূহ খেলুৱৈকে নিলম্বনৰ বাবে আন দলৰ খেলুৱৈ তথা ক্ৰিকেটপ্ৰেমীয়ে ওদালগুৰি জিলা ক্ৰিকেট সন্থাক আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us