/asomiyapratidin/media/media_files/2025/09/22/uhhhddd-2025-09-22-08-16-43.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ঠাইভেদে নিৰ্বাচনী হিংসাৰ মাজতে আজি অনুষ্ঠিত হয় পঞ্চম বিটিচি নিৰ্বাচন। আজি পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে দিঘলীয়া শাৰী। এই নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমুহৰ লগতে জিলা প্ৰশাসন সম্পুৰ্ণৰূপে ব্যস্ত হৈ পৰিছে।
ওদালগুৰি জিলাৰ ১০ টা পৰিষদীয় সমষ্টিৰ ৬৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বেলট বাকচত বন্দী হব। জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৩৯,১১৪ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৩,৬৫,৪৯৩ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ৩,৭৩,৬১৫ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৬ গৰাকী।
এই ভোটাৰৰ সংখ্যা ২০২০ চনৰ নিৰ্বাচনৰ পূৰ্ৱে আছিল ৬,২৩,২১৫ গৰাকী। অৰ্থাৎ ২০২০ বৰ্ষৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা ১৮.৬ শতাংশ বৃদ্ধি পাইছে। জিলাখনৰ ১০ টা পৰিষদীয় সমষ্টিৰ ৯৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৩৭৪৮ গৰাকী প্ৰিজাইদিং আৰু পলিং বিষয়াসকল ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ কালিয়েই ৰাওনা হৈছে।