/asomiyapratidin/media/media_files/2025/12/08/okkkd-2025-12-08-00-41-56.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি ইউপিএল(UPL) খেল পৰিচালনা সমিতিৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে ওদালগুৰি প্ৰীমিয়াৰ লীগৰ তৃতীয় তথা জুবিন গাৰ্গ সংস্কৰণ। ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ কেৱিনেট মন্ত্ৰী চৰণ বড়োৱে।
উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতা পৰিচালনা সমিতিৰ শলাগ লৈ এনেধৰণৰ প্ৰতিযোগিতাৰ জৰিয়তে ওদালগুৰি জিলাখন ক্ৰিকেটৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ লগতে অধিক প্ৰতিভাৱান খেলুৱৈ সৃষ্টি হব বুলি উল্লেখ কৰে।
ইয়াৰ পূৰ্ৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী মুকলি কৰে ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক বিপুল দৈমাৰীয়ে। ভিআইপি বক্স মুকলি কৰে বিটিচিৰ পাৰিষদ অজয় কুমাৰ হাজৰিকাই, লগতে ট্ৰফী উন্মোচন কৰে বিএছএম ইণ্টাৰনেচনেলৰ অধ্যক্ষ দিলীপ পৌড়েলে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনিৰ প্ৰথমখন খেল ওৰাং জেনিথ ক্লাৱ বনাম ঢেকীয়াজুলি টাউন ক্ৰিকেট ক্লাৱৰ মাজত অনুষ্ঠিত হয়।
খেলখনত টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্তৰে ঢেকিয়াজুলিয়ে নিৰ্দ্ধাৰিত ২০ অভাৰত ন উইকেটৰ বিনিময়ত ২১০ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বেট ধৰি ওৰাঙে নিৰ্দ্ধাৰিত ২০ অভাৰত আঠটা উইকেটৰ বিনিময়ত ২০২ ৰানত ইনিংছ সামৰে। খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ঢেকিয়াজুলিৰ শ্ৰৱন কুমাৰ খাউণ্ডে। উল্লেখ্য যে অহা ২১ ডিচেম্বৰলৈ চলিব উক্ত ক্ৰিকে প্ৰতিযোগিতাখনি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us