ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন…

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন…

author-image
asomiyapratidin
New Update
ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা কাৰাগাৰ চৌহদৰ কোৱাৰাইন্টাইন কেন্দ্ৰৰ পৰা যোৱা নিশা পলায়ন কৰে ৪ কয়দী। নিশা বতাহ-বৰষুনৰ সুযোগ লৈ কেন্দ্ৰটোৰ ভেন্টিলেচন ভাঙি পলায়ন কৰে চাৰি অপৰাধীয়ে।

Advertisment

উল্লেখযোগ্য যে কৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নতুনকৈ জেইলখনলৈ প্ৰেৰন কৰা কয়দী সকলক জেইলৰ চৌহদত নিৰ্মান কৰা কোৱাৰেইন্টাইন কেন্দ্ৰৰ ভিতৰত ৰাখিছিল। কিন্তু ভেন্টিলেচন ভাঙি নিশা বৰষুন আহি থকাৰ সময়তে পলায়ন কৰে কয়দী কেইজনে।

পলায়ন কৰা কয়দী কেইজন হল – কামৰূপ জিলাৰ শ্যামপুৰৰ মফিদুল ইছলাম(২১) আৰু সোনাপুৰৰ কুদ্দুচ আলী(২০),দুয়োজনে অবৈধ ভাৱে গৰু সৰাবৰাহৰ অপৰাধত আৰক্ষীৰ হাতত ধৰা পৰিছিল। আন দুজন ওদালগুৰি জিলাৰে ২ নং ওদালগুৰি জংঘল গাওৰ কাজিমুদ্দিন(২১) আৰু হাৰিজুদ্দিন(২৪) , সম্বন্ধত দুয়ো ভাতৃ চুৰি সংক্ৰান্তীয় গোচৰত আৰক্ষীয়ে আটক কৰিছিল।

গুৰুত্বপূৰ্ণ যে ইয়াৰে হাৰিজুদ্দিন পুৰ্বেও শিলবড়ী আৰক্ষী থানাৰ আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰাৰ নজিৰ আছে। ঘটনাৰ পিছত হাহাকাৰ লাগিছে কাৰাগাৰ কৰ্তৃপক্ষ তথা আৰক্ষীৰ মাজত। ঘটনাৰ খৱৰ পোৱাৰ পিছতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সহ উচ্চপদস্থ বিষয়া সকলে ঘটনাস্হলী পৰিদৰ্শন কৰি বুজ লয়।