ৰৌতাত ১৭১ কোটি টকীয়া অত্যাধুনিক স্পৰ্ট্ছ একাডেমীৰ আধাৰশিলা স্থাপন

ওদালগুৰিৰ ৰৌতাত শনিবাৰে উপস্থিত হয় বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী। ৰৌতা পৰিষদীয় সমষ্টিৰ লালপুলত এখন অত্যাধুনিক স্পৰ্ট্ছ একাডেমীৰ আধাৰশিলা স্থাপন কৰে মহিলাৰীয়ে।

author-image
Asomiya Pratidin
New Update
JHKHJH

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিৰ ৰৌতাত শনিবাৰে উপস্থিত হয় বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী। ৰৌতা পৰিষদীয় সমষ্টিৰ লালপুলত এখন অত্যাধুনিক স্পৰ্ট্ছ একাডেমীৰ আধাৰশিলা স্থাপন কৰে মহিলাৰীয়ে। ১৭১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হবলগীয়া অত্যাধুনিক স্পৰ্ট্ছ একাডেমীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱা, মন্ত্রী চৰণ বড়ো, বিটিচিৰ উপ মুখ্য কার্যবাহী সদস্য ৰিহণ দৈমাৰী, কার্যবাহী সদস্য ফ্রেছ মুছাহাৰীকে আদি কৰি কেইবাগৰাকী পাৰিষদ। 

অত্যাধুনিক Sports academy খনত ছোৱালীৰ হোষ্টেল, ল'ৰাৰ হোষ্টেল, দুটাকৈ ইণ্ডোৰ ষ্টেডিয়াম, হকী খেলৰ ফিল্ড, ফুটবল ফিল্ডকে আদি কৰি আৰু বহুতো সা-সুবিধা থাকিব একাডেমীখনত। ইয়াৰ জৰিয়তে বৃহত্তৰ ৰৌতা অঞ্চলত এক নতুন ক্রীড়া বিপ্লৱৰ সূচনা হব বুলি কয় হাগ্রামা মহিলাৰীয়ে। 

আনহাতে, ভাষণ প্রসংগত মহিলাৰীয়ে কয় যে, এই সকলো কাম প্রমোদ বড়োৰ দিনতেই অহা। কিন্তু নিজৰ পকেটৰ টকা বুলি ভাবি সেই ধন প্রমোদ বড়োই খৰচ কৰা নাছিল। চৰকাৰৰ পইচা প্রমোদ বড়োই নিজৰ বুলি ভাবি একো নকৰাৰ বাবেই ৰাইজে এইবাৰ ইউপিপিএল চৰকাৰক চাটাই কৰি দিলে বুলি মন্তব্য কৰে মহিলাৰীয়ে। আনহাতে, চলিত মাহতেই ওদালগুৰিত মিনি চেক্ৰেটেৰিয়েট নিৰ্মাণৰ কাম আৰম্ভ হব বুলি ঘোষণা কৰে হাগ্রামা মহিলাৰীয়ে।

ইফালে, মনোনীত পৰিষদ কৰ্মেশ্বৰ ৰায় প্রসংগত উঠা বিবাদক লৈ মহিলাৰীয়ে কয়, কর্মেশ্বৰ কমতাপুৰ পৰিষদৰ কি হয় মই নাজানো। ৰাজ্যপালৰ অনুমোদনতহে বিটিচি চৰকাৰে পাৰিষদ মনোনীত কৰিছে। সমান্তৰালকৈ বিপিএফ চৰকাৰৰ দিনত সকলো জাতি- জনগোষ্ঠীকেই সন্মান সুবিধা দিয়াৰ কথা ঘোষণা মহিলাৰীয়ে। কেতিয়াবা কোনো কাৰণত কোনোবা জাতি থাকি যোৱাটো স্বাভাৱিক।কাৰণ বিটিচিতত মনোনীত পৰিষদৰ আসন মাত্র ৬ খন। পৰৱৰ্তী সময়ত সকলো জাতি-জনগোষ্ঠীৰ প্রতিনিধিক জিলা পর্যায় বা নিগায়-নিগমৰ বিভিন্ন পদত মনোনীত কৰাৰ সংকল্পৰ কথাও দোহাৰে হাগ্ৰামা মহিলাৰীয়ে।

আজিৰ এই কাৰ্যসূচীত কেৱিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চৰণ বড়ো বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, উপমূখ্য কাৰ্যবাহী সদ্যস্য ৰিহন দৈমাৰী, ইএম ফ্ৰেচ মুছাহাৰী, এমচিএল‌এ পল টপ্পকে প্ৰমূখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

হাগ্ৰামা মহিলাৰী