বিটিচি নিৰ্বাচন উপলক্ষে ওদালগুৰিত ড্ৰাই ডে ঘোষণা

ওদালগুৰি জিলাত অসম আবকাৰী বিধি, ২০১৬ৰ নিয়ম ৩২৬(ক) আৰু জনপ্ৰতিনিধিত্ব আইনৰ ১৩৫(গ) ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰী কৰি 'ড্ৰাই ডে' ঘোষণা কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ওদালগুৰিঃ   ওদালগুৰি জিলা প্ৰশাসনৰ মুৰব্বী জিলা দণ্ডাধীশ পুলক পাটগিৰিয়ে সমাগত বিটিচি নিৰ্বাচন-২০২৫ৰ বাবে ওদালগুৰি জিলাত অসম আবকাৰী বিধি, ২০১৬ৰ নিয়ম ৩২৬(ক) আৰু জনপ্ৰতিনিধিত্ব আইনৰ ১৩৫(গ) ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰী কৰি 'ড্ৰাই ডে' ঘোষণা কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি জিলাখনৰ ভিতৰত কোনো ব্যক্তি বা ব্যক্তিৰ দলৰ দ্বাৰা কোনো ধৰণৰ মাদক দ্ৰব্য ৰখা, সুৰা বিক্ৰী, স্পিৰিট জাতীয় দ্ৰব্য বা মদ বা একে প্ৰকৃতিৰ পদাৰ্থৰ আদান প্ৰদান আৰু সেৱন আদি ভোট গ্ৰহণৰ দুদিন আগত অৰ্থাৎ ২০ ছেপ্টেম্বৰৰ আবেলি ৪.০০ বজাৰ পৰা ভোট গ্ৰহণৰ দিনা ২২ ছেপ্টেম্বৰৰ আবেলি ৪.০০ বজালৈকে আৰু ভোট  আৰু প্ৰয়োজন সাপেক্ষে ২৪ ছেপ্টেম্বৰৰ দিনাখন আৰু ২৬ ছেপ্টেম্বৰ ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বলৱৎ থাকিব।

ইয়াৰোপৰি, ক্লাৱ আন,অফকে ধৰি সকলো পাইকাৰী গুদাম, IMFL ৰ সকলো খুচুৰা অফ আৰু অন দোকানবোৰ, দেশী সুৰাৰ দোকান সকলোবোৰ উল্লেখিত তাৰিখ আৰু সময়ত বন্ধ হৈ থাকিব আৰু এই আদেশ উলংঘা কৰিলে প্ৰাসংগিক বিধিৰ অধীনত আৰু নিৰ্বাচনী নিয়মৰ ধাৰা ১৩৫(গ) ৰ অধীনত ব্যৱস্থা লোৱা হ'ব।

ওদালগুৰি