/asomiyapratidin/media/media_files/2026/03/02/new-ap-web-2026-03-02-21-50-28.jpeg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ আতচবাজিৰে উদ্ভাসিত হৈ পৰিল ওদালগুৰিৰ আকাশ। বৰপেটা সত্ৰৰ পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আৰম্ভ হ'ল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
কাৰ্যসূচী অনুসৰি আজি পুৱা ৫ বজাত নিত্য প্ৰসঙ্গৰ পাছত সন্ধিয়া ৭ বজাত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা (গন্ধ উৎসৱ)ৰ শুভাৰম্ভ হয়। গন্ধোৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগতভাৱে বৰপেটাৰ থলুৱা আতচবাজী প্ৰদৰ্শনৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী চৰণ বড়োৰ লগতে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে।
ইয়াৰ পূৰ্ৱে প্ৰদান কৰা ভাষণত তেওঁলোকে কয় "আজি সত্ৰৰ চোতালত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। ওদালগুৰি চহৰৰ মজিয়াত সুন্দৰকৈ দৌল উৎসৱ পালন কৰি আহিছে। ইয়াৰ দ্বাৰা আমাৰ মাজত ঐক্য, শান্তি আৰু একতা সুদৃঢ় হব থাকিব। সকলোকে আগন্তুক ফাকুৱাৰ শুভেচ্ছা জনালো। সকলোৰে মাজত মিলা প্ৰীতিৰে আমি এই উৎসৱ পালন কৰিম। আজি এই অনুষ্ঠানত আমাক আমন্ত্ৰণ জনোৱা বাবে সত্ৰ পৰিচালনা সমিতিক ধন্যবাদ জনাইছো।"
আতচবাজিৰ পাছত সন্ধিয়া ৭-৩০ বজাত সত্ৰৰ চোতালত নিৰ্মিত মেজি প্ৰজ্বলন কৰে সত্ৰখনৰ শৰণাচাৰ্য বাপ বিমল ভকতে। লগে লগে শ্ৰীশ্ৰীকৃষ্ণ গোসাইঁক মেজিৰ চৌপাশ পৰিভ্ৰমণ কৰাই দৌলত আৰোহণ কৰোৱা হয়। মন কৰিবলগীয়া যে, ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই আজি ওদালগুৰিৰ এই দৌল মহোৎসৱৰ আতচবাজি অনুষ্ঠান উপভোগ কৰে। ইফালে, কালিৰে পৰা তিনিটা দিন ভৰদৌল হিচাপে পালনৰ অন্তত শুকুৰবাৰে সুৱেৰী তথা ফাকু খেলা পৰ্ব পালন কৰা হব। ভৰদৌলৰ দিনকেইটাত দিনে নিশাই খেল ধেমালি, ভাওনা, নাট, দিহানাম, বাটৰ হোলীগীত প্ৰতিযোগিতা অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us