ওদালগুৰি জিলাৰ খচৰা ভোটাৰ তালিকাঃ জিলা আয়ুক্তৰ সংবাদমেল সম্বোধন

আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৭,১৪,৫৯৮ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভূক্ত হৈছে। ইয়াৰে ভিতৰত ৩,৫২,৪৪৯ গৰাকী পুৰুষ ভোটাৰ, ৩,৬২,১৪৩ গৰাকী মহিলা ভোটাৰৰ লগতে ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম অন্তৰ্ভূক্ত হৈছে।

author-image
Asomiya Pratidin
New Update
hghghghg

ডিজিটেল সংবাদ, ওদালগুৰিঃ আজি প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা ২০২৬। এই সন্দৰ্ভত আজি ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰিয়ে এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত জিলা আয়ুক্তই প্ৰকাশ কৰা অনুসৰি, আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৭,১৪,৫৯৮ গৰাকী ভোটাৰৰ নাম অন্তৰ্ভূক্ত হৈছে। ইয়াৰে ভিতৰত ৩,৫২,৪৪৯ গৰাকী পুৰুষ ভোটাৰ, ৩,৬২,১৪৩ গৰাকী মহিলা ভোটাৰৰ লগতে ৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম অন্তৰ্ভূক্ত হৈছে।

২০২৫ চনৰ চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা আছিল ৬,৯৭,৫৫৭ গৰাকী। সেই অনুসৰি আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ১৭,০৪১ গৰাকী ভোটাৰ বৃদ্ধি পাইছে। আজি প্ৰকাশিত ২০২৬ চনৰ ভোটাৰ তালিকাত জিলাখনৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ৪৫ নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিত ৮০,৮৫৭ গৰাকী পুৰুষ, ৮৩,৭৮৫ গৰাকী মহিলা, তিনিগৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা ১,৬৪,৬৪৫ গৰাকী। সমষ্টিটোত ৩,১২১ গৰাকী ভোটাৰ বৃদ্ধি পাইছে।

ইফালে, ৪৬ নম্বৰ ওদালগুৰি(এছটি) বিধানসভা সমষ্টিত ৮৬,২৯২ গৰাকী পুৰুষ, ৮৮,৬৫৫ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা ১,৭৪,৯৪৮ গৰাকী। সমষ্টিটোত বৃদ্ধি পাইছে ২,৫২৭ গৰাকী ভোটাৰ।

একেদৰে ৪৭ নম্বৰ মাজবাট বিধানসভা সমষ্টিত ৯৩,৮৩১ গৰাকী পুৰুষ, ৯৫,৩১০ গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰসহ মুঠ ভোটাৰৰ সংখ্যা ১,৮৯,১৪৩ গৰাকী। সমষ্টিটোত বৃদ্ধি পোৱা ভোটাৰৰ সংখ্যা ৪,১৩৮ গৰাকী।

আনহাতে, ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত ৯১,৪৬৯ গৰাকী পুৰুষ, ৯৪,৩৯৩ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ১,৮৫,৮৬২ গৰাকী। সমষ্টিটোত বৃদ্ধি পোৱা ভোটাৰৰ সংখ্যা ৭,২৫৫ গৰাকী। যদিহে ভোটকেন্দ্ৰৰ সংখ্যালৈ চোৱা যায় তেন্তে জিলাখনৰ চাৰিটা বিধানসভা সমষ্টিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৮৬৫ গৰাকী। ইয়াৰে ৪৫ নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিত ২০৩ টা, ৪৬ নম্বৰ ওদালগুৰি(এছটি) বিধানসভা সমষ্টিত ২১০ টা, ৪৭ নম্বৰ মাজবাট বিধানসভা সমষ্টিত ২১৩ টা আৰু ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত ২৩৯ টা।

ইফালে, ভোটাৰৰ বাবে জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে বিএল‌অ' সকলৰ সৈতে এই ভোটাৰ তালিকা উপলব্ধ থাকিব। ২২ জানুৱাৰী পৰ্যন্ত ভোটাৰে ওজৰ আপত্তিসমূহ দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। এই সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া, ৰাজহ চক্ৰ বিষয়াসমূহো উপস্থিত থাকে।

ওদালগুৰি জিলা ওদালগুৰি