/asomiyapratidin/media/media_files/2026/02/23/dfsesewew-2026-02-23-18-28-22.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। পিতৃ হত্যাৰ অপৰাধত পুত্ৰক ১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে ন্যায়ালয়ে।
উল্লেখযোগ্য় যে, ঘটনাটো ২০২৪ চনৰ ৮ নৱেম্বৰত ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত টোকনকাটা গাওঁত সংঘটিত হৈছিল। ভুক্তভোগীৰ আত্মীয়ই আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি গাওঁখনৰ টংকেশ্বৰ ৰাভা নামৰ লোকজনক ঘৰৰ ওচৰৰ খালত তলমুৰকৈ পৰি থকা প্ৰত্যক্ষ কৰা হৈছিল। ঘটনা সন্দৰ্ভত লোক জনৰ পুত্ৰ নিৰঞ্জন ৰাভাক সন্দেহ কৰা হৈছিল। কিয়নো ঘটনা সংঘটিত হোৱাৰ সময়ত পুত্ৰ নিৰঞ্জন ৰাভাই হাতত এখন দা লৈ ঘুৰি ফুৰিছিল।
ঘটনা সন্দৰ্ভত কলাইগাওঁ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত পুত্ৰ নিৰঞ্জন ৰাভাক গ্ৰেপ্তাৰ কৰিছিল। পিছত গোচৰটো ওদালগুৰি অতিৰিক্ত সত্ৰ ন্যায়ধীশ আদালতত ৬/২৫ নম্বৰত ৰুজু হৈ শুনানি আৰম্ভ হয়। কেইৱাটাও শুনানিৰ অন্তত আজি ওদালগুৰি অতিৰিক্ত সত্ৰ ন্যায়ধীশ ৰাণী বড়োৰ আদালতে অভিযুক্ত পুত্ৰ নিৰঞ্জন ৰাভাক দোষী বিৱেচিত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ লগতে দুহেজাৰ টকাৰ জৰিমণা বিহে। লগতে ভুক্তভোগীৰ পৰিয়ালটোক ক্ষতিপুৰণ প্ৰদানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us