ওদালগুৰিত সচিবালয়, উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে ওদালগুৰিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
LKDJFKLSDJFKLSADJFLKSADJFLKSADJFKSDJFKJSDF

ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে ওদালগুৰিত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে দিনৰ প্ৰায় ১ বজাত ওদালগুৰি চহৰত উপস্থিত হৈ চহৰখনৰ মাজমজিয়াত এখন উৰণ সেতুৰ আধাৰশিলা স্থাপনৰ লগতে চহৰখনৰ নিকটৱৰ্তী সাপেখাইটিত নিৰ্মাণ হ’বলগীয়া বিটিচিৰ মিনি সচিবালয়ৰো আধাৰশিলা স্থাপন কৰে। 

ইয়াৰ পিছত সাংবাদিকৰ সন্মুখত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আজি ওদালগুৰিৰ বাবে এক আনন্দৰ দিন। আজি চহৰখনৰ মাজমজিয়াত এখন উৰণীয়া সেতু আৰু সাপেখাইটিত বিটিচিৰ বাবে নতুন সচিৱালয়ৰ আধাৰশিলা স্থাপন কৰা হ'ল। এই উৰণীয়া সেতুৰ বাবে ৬৩ কোটি টকা আৰু সচিৱালয়ত নিৰ্মানৰ বাবে প্ৰায় ১৫০ কোটি টকা ব্যয় হ’ব।ইয়াৰ জৰিয়তে আগন্তুক দিনবোৰত ওদালগুৰিবাসী ৰাইজৰ যথেষ্ট সুবিধা হ’ব। লগতে উৰণীয়া সেতুৰ তলত এখন বেডমিণ্টন কোৰ্ট নিৰ্মাণৰ বাবে অভিযন্তাসকলক পৰামৰ্শ দিছো। যাতে খেলুৱৈসকলে সুন্দৰভাৱে তাত বেডমিণ্টন খেলিব পাৰে। এই দুয়োটা প্ৰকল্পৰ বাবে ওদালগুৰিবাসীক অভিনন্দন জনাইছো। 

উল্লেখ্য যে, বিটিচিৰ বিভিন্ন বিভাগ, সভাগৃহ পাঁচ মহলীয়া সচিৱালয়টো দুবছৰৰ ভিতৰত যাতে সম্পূৰ্ণ হৈ উঠে তাৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰে। ইফালে, বিটিচিৰ ১৫ টা বিধানসভা সমষ্টিতে ইউপিপিএল দলে নিৰ্বাচন খেলাৰ ইংগিত প্ৰদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ম‌ই বিচাৰো যে আমি সকলোৱে মিলি একেলগে নিৰ্বাচন খেলা উচিত। কিন্তু বিপিএফ আৰু ইউপিপিএলৰ মাজৰ সমস্যা ম‌ই সমাধান কৰিব নোৱাৰো। তেওঁলোকে কথা পাতিব লাগিব। ম‌ই বিষয়টোৰ সমাধানৰ দ্বায়িত্ব তেওঁলোকক দিছো। কিন্তু নিৰ্বাচনৰ পূৰ্বে দুয়োটা ৰাজনৈতিক দলৰ সৈতে ম‌ই কথা পাতিম। 

ইফালে, ৰাজ্যৰ বিৰোধী মিত্ৰজোট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বিগত লোকসভা নিৰ্বাচনতো এই মিত্ৰতাৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এইবাৰো ম‌ই ধৰি লৈছো যে তেওঁলোক আগন্তুক নিৰ্বাচনতো একলগ হ’ব। কিন্তু কেতিয়া একলগ হয় সেয়া তেওঁলোকৰ কথা। আজিৰ পৰিৱেশত বিৰোধী মিত্ৰজোটে আগন্তুক বিধানসভা নিৰ্বাচনত ২৭ খনতকৈ অধিক আসন লাভ কৰিব বুলি নাভাবো। 

আনহাতে, এছ‌আৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে- ইতিমধ্যে অসমত এছ‌আৰ সমাপ্ত হোৱাৰ পিছত নতুনকৈ প্ৰকাশ পোৱা ভোটাৰ লিষ্টৰ পৰা ১১ লাখ লোকৰ নাম কৰ্তনৰ বিপৰীতে পাঁচ লাখ নাম নতুনকৈ অন্তৰ্ভূক্ত হৈছে। বাকী থকা ছয় লাখৰ ভিতৰত মৃত লোক, আন স্থানলৈ স্থানান্তৰকে ধৰি বিভিন্ন লোকৰ নাম আছিল। ইয়াৰ পাছত অসমত এছ‌আইআৰ অনুষ্ঠিত হ’ব। তেতিয়া ভোটাৰসকলৰ অধিক পৰীক্ষণ হ’ব। একেদৰে মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কংগ্ৰেছ দলে কৰি অহা আপত্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ কি কি অবৈধ সম্পত্তি আছে তাৰ এখন তালিকা বনাই আদালতত দিবলৈও পৰামৰ্শ দিয়ে।

আনহাতে, অনুষ্ঠানত উপস্থিত থাকি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয়- ওদালগুৰিত বিটিচি সচিবালয় স্থাপন কৰাৰ কথা বহু আগৰ পৰাই আমি চিন্তা কৰি আহিছিলো। আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুজিৰে এই সচিৱালয় নিৰ্মাণ কৰা হ’ব। অসম তথা বিটিচি সচিবালয়ত যি ধৰণৰ সুবিধা আছে, একেখিনি সুবিধা ওদালগুৰিৰ এই সচিবালয়তো থাকিব বুলি মন্তব্য কৰে। আজিৰ এই দুয়োটা কাৰ্যসূচীতে মন্ত্ৰীদ্বয় চৰণ বড়ো, জয়ন্তমল্ল বৰুৱা, বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ইএম ফ্ৰেছ মোছাহাৰীৰ লগতে বিটিচিৰ বিভাগীয় বহু বিষয়াও উপস্থিত থাকে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা